এটা অভিশপ্ত দিন, ২০০৫ৰ ১৭ অক্টোবৰ

পশ্চিম কাৰ্বি আংলঙৰ ছাৰচিম-প্ৰিচেকত মৃতকক স্মৰণ কৰি শোক দিৱস পালন

WhatsApp Image 2022 10 17 at 18.06.30

এটা অভিশপ্ত দিন, ২০০৫ৰ ১৭ অক্টোবৰ । এই দিনটোতে কাৰ্বি আৰু ডিমাছা সম্প্ৰদায়ৰ মাজত হোৱা ভাতৃঘাটি সংঘাটতৰ সুযোগ লৈ সংঘটিত হৈছিল পশ্চিম কাৰ্বি আংলঙৰ ছাৰচিম-প্ৰিচেকত এক শিহৰণকাৰী গণহত্যাৰ ঘটনা । এই গণহত্যাত অচিনাক্ত দুৰ্বৃত্তৰ হাতত প্ৰাণ হেৰুৱাইছিল শিশু-মহিলাকে ধৰি ৪১ গৰাকীকৈ নিৰীহ লোকে ।

উল্লেখ্য যে বিগত বৰ্ষসমূহৰ দৰে এই বৰ্ষতো উক্ত পাশৱিক গণহত্যাত প্ৰাণ হেৰুওৱা লোকসকলক স্মৰণ কৰি ঘটনাস্থলী প্ৰিচেকত ৰাষ্ট্রীয় শোক দিৱস পালন কমিটীৰ উদ্যোগত আজি আয়োজন কৰা শোক দিৱস কাৰ্যসূচীৰ জৰিয়তে মৌন প্ৰাৰ্থনা-শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে কাৰ্বি পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাংসহ কাৰ্বি পৰিষদৰ বৃহৎ সজাতি দলৰ লগতে বিভিন্ন দল সংগঠন, ছাত্ৰ সংগঠন আৰু অন্য ৰাজনৈতিক দলসমূহে । লগতে খেৰণিৰ সমাধিস্থলীতো কাৰ্বি ছাত্ৰ সন্থা, কাৰ্বি ফাৰ্মাৰ্ছ এচচিয়েচনে যৌথভাৱে মৃতকক সুঁৱৰি মৌন প্ৰাৰ্থনা, বন্তি প্ৰজ্জ্বলন, শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।

গুৰুত্বপূৰ্ণ যে প্ৰিচেকত অনুষ্ঠিত কৰা এক মুকলি সভাত কাৰ্বি পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাংঙে প্ৰিচেকত মৃতকৰ স্মৃতিত স্থাপন কৰা উদ্যান, ৰাজহুৱা প্ৰেক্ষাগৃহ আদি চোৱাচিতা কৰাৰ বাবে দুজন চকীদাৰ নিযুক্তি দিয়াৰ লগতে ভূমি পট্টা, ৰাজহুৱা পুখুৰী আৰু প্ৰতি বছৰে ১৭ অক্টোবৰত শোক দিৱস পালনৰ অৰ্থে পাঁচ লাখ টকাকৈ কাৰ্বি পৰিষদ চৰকাৰৰ পৰা প্ৰদান কৰিব বুলি সদৰী কৰে ।

উল্লেখযোগ্য যে আজিও গাৰ নোম শিয়ঁৰি উঠে ২০০৫ৰ ১৭ অক্টোবৰৰ সেই অভিশপ্ত দিনটোৰ কথা মনত পৰিলে অৰ্থাৎ আজিৰ এই দিনটোতে পশ্চিম কাৰ্বি আংলঙৰ ছাৰচিম আৰু প্ৰিচেক নামৰ ঠাই দুখনত সংঘটিত হৈছিল এক গণহত্যা । কাৰ্বি আৰু ডিমাছা সম্প্ৰদায়ৰ মাজত হোৱা ভাতৃঘাটি সংঘাটতৰ সুযোগ লৈ অচিনাক্ত দুৰ্বৃত্তই ঠাই দুখনত সংঘটিত কৰিছিল গাৰ নোম শিয়ঁৰি উঠা এক হত্যা লীলা । উক্ত দিনটোত অচিনাক্ত দুৰ্বৃত্তই জেৰিকীন্দেঙৰ পৰা লংকা-ডিফু অভিমুখে অহা কাৰ্বি স্বায়ত্ব পৰিষদৰ অধীনৰ দুখন যাত্ৰীবাহী বাছ ছাৰচিমত বাট আগুচি ধৰি বাছ দুখনত থকা কাৰ্বি সম্প্ৰদায়ৰ যাত্ৰীসকলক গাড়ীৰ পৰা নমাই এফালৰ পৰা ঘপিয়াই ঘপিয়াই হত্যা কৰিছিল । উক্ত হত্যা কাণ্ডত নিৰীহ পুৰুষ-মহিলা, বৃদ্ধ-বৃদ্ধাৰ লগতে কণমানি শিশুও নিজৰ প্ৰাণ হেৰুৱাইছিল । আনকি ইয়াৰ পাছতো ঘাটকৰ দলটোৱে ক্ষান্ত নাথাকি প্ৰিচেক নামৰ গাঁওখনত উপস্থিত হৈ গাঁওখনৰ নিৰীহ লোকক মাৰণাস্ত্ৰৰে গুলিয়াই হত্যা কৰিছিল ।

এনেদৰেই উক্ত দিনটোত সংঘটিত হত্যাকাণ্ডত পুৰুষ-মহিলা, বৃদ্ধ-বৃদ্ধাৰ লগতে কণমানি শিশুকে ধৰি মুঠ ৪১ গৰাকীকৈ নিৰীহ কাৰ্বি সম্প্ৰদায়ৰ লোকে প্ৰাণ হেৰুৱাইছিল ।

Exit mobile version