CID : অসম আৰক্ষী নিযুক্তিত ভুৱা প্ৰমাণপত্ৰ দাখিল কৰি

ৰঙাঘৰৰ আলহী আঠ , আদালতত হাজিৰ

CID : অসম আৰক্ষী নিযুক্তিত কম্পিউটাৰ চাৰ্টিফিকেট জালিয়াতিৰ অভিযোগত কালি অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা আঠজনক আজি স্বাস্থ্য পৰীক্ষাৰ অন্তত হাজিৰ কৰা হয় আদালতত ৷  সোমবাৰে আটক কৰাৰ পিছত চিআই ডিয়ে মাৰাথন জেৰাৰ অন্তত গ্ৰেপ্তাৰ কৰে ৷ ইতিমধ্যে অসম আৰক্ষীৰ কনিষ্টবল আৰু উপ-পৰিদৰ্শক পৰীক্ষাত অৱতীৰ্ণ হোৱা শতাধিক পৰীক্ষাৰ্থীক জাল কম্পিউটাৰ প্ৰমাণপত্ৰ দাখিলৰ অভিযোগত চিআই ডিৰ ওচৰত হাজিৰ হোৱাৰ নিৰ্দেশ জাৰি কৰিছে ৷

 

 

গ্ৰেপ্তাৰ হোৱা আঠ প্ৰাৰ্থী হ’ল জাভেদ আহমেদ, আব্দুল ৰহমান,ফিৰোজ আহমেদ ,সমৰদাস,অনিৰ্বাণ দাস,অশোক বৰ্মন ,দিলদাৰ অল হুছেইন ,ইছমাইল হুছেইন ৷

উল্লেখ্য যে, অসম আৰক্ষীৰ উপ পৰিদৰ্শক (ইউবি) আৰু উপ পৰিদৰ্শক (এবি)ৰ নিযুক্তি পৰীক্ষা অনুষ্ঠিত হৈছিল চলিত বৰ্ষৰ ২০, ২৭ ফেব্ৰুৱাৰী আৰু ২৪ এপ্ৰিলত ।
আনহাতে অসম আৰক্ষীৰ উলুবাৰীস্থ হেডকোৱাৰ্টাৰ সূত্ৰে জানিব পৰা মতে কম্পিউটাৰ জাল প্ৰমাণ পত্ৰৰ স’তে জড়িত কাকোৱে ৰেহাই নিদিয়ে আৰক্ষীয়ে ৷

Exit mobile version