Diwali, competition between indigenous and Chinese products : সমাগত দেৱালী, থলুৱা আৰু চীনা সামগ্ৰীৰ মাজত লাগিছে টনা- আঁজোৰা , থলুৱা মৃৎ শিল্পলৈ ভাবুকি

বহুজাতিক কোম্পানীয়ে বজাৰত মেলি দিছে ৰং-বিৰঙৰ চাকি আকৰ্ষণ পানীৰে জ্বলা চাকিৰ

WhatsApp Image 2022 10 21 at 18.17.04

Indigenous Product

Diwali, competition between indigenous and Chinese products :

পোহৰৰ উৎসৱ দীপাৱলীৰ প্ৰাক মুহূৰ্তত দেশৰ আন ৰাজ্যৰ লগতে অসমৰ বজাৰতো বজাৰ দখল কৰিবলৈ টনা-আঁজোৰা লগাইছে ঘৰুৱা উৎপাদিত আৰু চীনত উৎপাদিত সামগ্ৰীৰ । দীপাৱলীৰ প্ৰাক মুহূৰ্তত গুৱাহাটী মহানগৰীত মাটিৰ চাকি বিক্ৰীৰ বাবে যিদৰে ব্যৱসায় গঢ়ি উঠিছে , সমান্তৰালকৈ তুলনামূলকভাৱে কম মূল্যৰ চীনত উৎপাদিত ৰং-বিৰঙৰ বৈদ্যুতিক ফুলৰ মালাৰে ভৰি পৰিছে বজাৰ । ইফালে মাটিৰ চাকিৰ দৰে উপলব্ধ হৈছে পানীত ওপঙি থকা মমবাতি ।

উদ্বেগজনকভাৱে ৰাজ্যত নিষেধাজ্ঞা থকা স্বত্বেও আৰম্ভ হৈছে ফটকা-আতচবাজীৰ ব্যৱসায় । আশ্বৰ্যকৰ হ’লেও এয়াই সত্য যে সম্প্ৰতি অসমতো আৰম্ভ হৈছে দীপাৱলীৰ প্ৰিয়জনক অনলাইন জৰিয়তে পোহৰৰ উৎসৱত ব্যৱহাৰ কৰিব পৰা সামগ্ৰীৰ উপহাৰ ।

potter making clay lamp

অসমৰ মৃৎ শিল্পীসকলৰ বাবে ভাবুকি কঢ়িয়াই অনলাইনত ব্যাপক হাৰত বিক্ৰী হৈছে চালে চকুৰোৱাকৈ ৰং-বিৰঙৰ সজাই থোৱা মাটিৰ চাকি । গুৱাহাটীৰ ৰাজপথত ঘৰে ঘৰে সামগ্ৰী বিতৰণ কৰি থকা একাংশ কুৰিয়াৰ সেৱাৰে জড়িত যুৱকে সদৰী কৰা মতে , বিগত কেইদিনমানৰ পৰা তেওঁলোকে সৰ্বাধিক সংখ্যক মাটিৰ চাকিৰে সজাই থোৱাহাৰৰ পেকেট বিতৰণ কৰিবলগীয়া হৈছে ।

এমাজেন, ফ্লিপকাৰ্ট আদিৰ দৰে অনলাইন শ্বপিং এপছৰ জৰিয়তে দীপাৱলীৰ উপহাৰ হিচাপে প্ৰেৰণ কৰা এনেবোৰ সামগ্ৰীয়ে ৰাজ্যৰ থলুৱা মৃৎ শিল্পীলৈ প্ৰত্যাহ্বান কঢ়িয়াই আনিছে । অনলাইন শ্বপিঙৰ প্ৰতি গ্ৰাহকৰ ধাউতি বঢ়াৰ মূলতে হ’ল বৃহৎ পৰিমাণৰ ৰেহাইৰ ঘোষণা ।

স্বাভাৱিকতে পোহৰৰ উৎসৱৰ প্ৰাকক্ষণত থলুৱা বজাৰত হ্ৰাস পাইছে দীপাৱলী উপলক্ষে বিক্ৰী হোৱা সামগ্ৰীৰ ব্যৱসায় । উল্লেখ্য যে , দীপাৱলীৰ ব্যৱসায়ত গুৱাহাটীকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বজাৰত উপলব্ধ হোৱা চীনত নিৰ্মিত ৰং-বিৰঙৰ বৈদ্যুতিক সামগ্ৰীৰ বিক্ৰীৰ হাৰ এইবাৰ হ্ৰাস পাইছে ।

Chinese Lights

শেহতীয়াকৈ চীনা সামগ্ৰী আৰু দেশত উৎপাদিত সামগ্ৰীৰ বিক্ৰীৰ প্ৰসংগক লৈ কনফেডাৰেছন অৱ অল ইণ্ডিয়া ট্ৰেডাৰ্ছে দেশৰ সমূহ চহৰত চীনা সামগ্ৰীৰ বিক্ৰী প্ৰসংগত এক সমীক্ষা চলাইছিল । অল ইণ্ডিয়া ট্ৰেডাৰ্ছৰ সচিব প্ৰধান প্ৰবীণ খাণ্ডেলৱালে সদৰী কৰা মতে , দেশৰ ২৫ খন চহৰৰ জনতাই এইবাৰ দেৱালীত চীনা সামগ্ৰী ক্ৰয় নকৰিবলৈ থিৰাং কৰিছে ।

২৫ খন চহৰৰ মাজত আছে গুৱাহাটীৰো নাম । গুৱাহাটীকে ধৰি নতুন দিল্লী , আহমেদাবাদ , মুম্বাই , মাদুৰাই , পুডুচেৰী , নাগপুৰ , জয়পুৰ , লক্ষ্ণৌ , চণ্ডীগড়, ৰায়পুৰ, ভূৱেনেশ্বৰ ,কলকাতা , ৰাঁচী , পাটনা , চেন্নাই , বাংগালুৰু , হায়দৰাবাদ ,ভূপাল , জম্মু , পুনে , কানপুৰ আৰু বাৰানসী ।

সচিব প্ৰধানজনৰ মতে , যোৱা বছৰ দীপাৱলীৰ সময়ত এই চহৰকেইখনত চীনা সামগ্ৰীৰ বাবে ভাৰতে প্ৰায় ৬০ হাজাৰ কোটি টকাৰ লোকচান ভৰিবলগীয়া হৈছিল । এইবাৰ এই চহৰকেইখনৰ অধিকাংশ লোকে চীনা সামগ্ৰীৰ পৰিৱৰ্তে ভাৰতত তৈয়াৰী সামগ্ৰী ক্ৰয় কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰিছে ।

অৱশ্যে আইনগত বাধা নথকাৰ বাবে ভাৰতৰ বজাৰত চীনৰ পৰা আমদানি কৰা সামগ্ৰীয়ে ভৰি পৰা দেখা গৈছে । ইফালে কনফেডাৰেছন অৱ অল ইণ্ডিয়া ট্ৰেডাৰ্ছে ঠাৱৰ কৰা মতে , এইবাৰৰ দীপাৱলীত কমেও ১.৫ লাখ কোটি টকাৰ ব্যৱসায় হোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছে ।

Exit mobile version