Himanta Biswa Sarma:
গোৱালপাৰা জিলাৰ লক্ষীপুৰত মিঞা পৰিষদৰ সভাপতি মহৰ আলীয়ে নিজ বাসগৃহত স্থাপন কৰা মিঞা মিউজিয়াম অৱশেষত ছীল কৰিলে জিলা প্ৰশাসনে ৷
মিঞা পৰিষদৰ সভাপতিজনে অনুদান ৰূপে পোৱা গৃহতে দেওবাৰে উদ্বোধন কৰা মিঞা মিউজিয়ামৰ বিৰুদ্ধে ৰাজ্যৰ সৰ্বত্ৰে তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছিল ৷
আজি দুপৰীয়া ৰাজ্যৰ মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই মিঞা মিউজিয়াম সন্দৰ্ভত সংবাদ মাধ্যমক সম্বোধন কৰি কয়, ‘এইটো কি মিঞা মিউজিয়াম, মই বুজি নাপালো, নাঙলো অসমীয়া মানুহৰে, মাছ মৰা যি সামগ্ৰী আছে সেয়াও অসমীয়াৰে হয়, যিসমূহ অনুসূচিত জাতিয়ে আগৰ পৰাই ব্যৱহাৰ কৰি আহিছে’।
আনকি নাঙল খন তেওঁলোকৰ দেখুৱাইছে ৷ অৱশ্যে লুঙিখন তেওঁলোকৰ ৷ তাৰ বাহিৰে মিঞা মিউজিয়ামত ৰখা প্ৰতিটো সামগ্ৰী অসমীয়া ৰাইজে ব্যৱহাৰ কৰা ৷ আনকি ডিঙিত লোৱা গামোচা খনো খিলঞ্জীয়া গৰিয়া-মৰিয়া দেশী মুছলমান ৰাইজৰ ৷
মুখ্যমন্ত্ৰী গৰাকীয়ে আৰু কয় যে অসমীয়া মানুহৰ সামগ্ৰী লৈ মিউজিয়াম খুলিলে কেনেকৈ হ’ব, কাৰ্যালয় খুলিলেই ইয়াৰ সকলো তদন্ত হ’ব, ক’ৰ পৰা টকা আহিছে তাৰো উত্তৰ চৰকাৰক দিব লাগিব স্পষ্ট কৰি দিয়ে ৷
আনহাতে মুখ্যমন্ত্ৰী শৰ্মাই মিঞা মিউজিয়াম সম্পৰ্কত পূৰ্বতে একাংশ বুদ্ধিজীৱীয়ে তেওঁক কৰা সমালোচনাৰ প্ৰসংগত কয়, ‘মিঞাৰ স্কুল স্থাপন হ’ল, কবিতা হ’ল, এয়া আমাৰ বাবে প্ৰত্যাহ্বান, মই আগতে মিঞাৰ কথা কওঁতে মোকে সমালোচনা কৰিছিল, সাম্প্ৰদায়িক বুলি কৈছিল একাংশ বুদ্ধিজীৱীয়ে।
কিন্ত শেহতীয়াকৈ কাৰ্যত বাস্তৱ ৰূপটো বুদ্ধিজীৱীয়ে দেখিলে ৷ সেয়েহে সাম্প্ৰতিক সময়ত এইবোৰ দেখি শুনি অন্তত এক গঠনমূলক চিন্তা কৰাৰ সময় আহি পৰিছে বুদ্ধিজীৱী মহলৰ ৷