Winter Hair Care : শীত কালত চুলি ভালে ৰাখিবলৈ কিধৰণৰ খাদ্য গ্ৰহণ কৰিব

WhatsApp Image 2022 11 16 at 19.37.24

Winter Hair Care:

 শীত কালত ছালৰ লগতে চুলিও ৰুক্ষ হোৱা দেখা যায় । শীতত ক্ৰমে প্ৰাণহীন হৈ পৰা চুলিকোছাৰ যতন ল’বলৈ আমাৰ ডায়েট লিষ্টত কি পাচলি সংযোগ কৰিব । বিশেষকৈ এই ঋতুত প্ৰোটিন, ভিটামিন ও মিনাৰেলযুক্ত আহাৰ খোৱাটো খুবেই আৱশ্যক । কেৱল শীতৰ সময়ছোৱাতে নহয় , সকলো সময়তে সুষম খাদ্যভ্যাসে আপোনাৰ চুলিকোছাৰ সঠিক যতন ল’ব আৰু আপোনাৰ চুলিকোছা প্ৰাণবন্ত কৰি তুলিব ।

১/ প্ৰোটিন :– চুলিৰ স্বাভাৱিক বৃদ্ধি ধৰি ৰাখিবলৈ প্ৰোটিনযুক্ত খাদ্য খুবেই আৱশ্যক । কাৰণ চুলিৰ শ্ৰীবৃদ্ধি প্ৰোটিনৰ ওপৰতেই নিৰ্ভৰ কৰে । যিহেতু প্ৰোটিনৰ অভাৱত চুলি সৰা , ৰুক্ষ হোৱা আদি অনেক সমস্যাই দেখা দিব পাৰে । গতিকে এই সময়ছোৱাত কণী, গাখীৰ,মাছ, মাংস প্ৰচুৰ পৰিমাণে খাব লাগে । এই খাদ্যসম্ভাৰতে এই সকলো পুষ্টি পোৱা যায় ।

২/ আয়ৰণ :— শীতত চুলিৰ যতন ল’বলৈ আয়ৰণযুক্ত খাদ্য খোৱাটোও সমানেই আৱশ্যক । আয়ৰণৰ অভাৱ হলে চুলি সৰাৰ লগতে ছালখন শুকান হৈ পৰাৰো সম্ভাৱনা থাকে । আয়ৰণৰ অভাৱত হোৱা ৰক্তহীনতাৰ বাবে চুলিৰ পুষ্টিহীনতা ৰোগ আৰম্ভ হয় । চুলিৰ পুষ্টিহীনতা মানে চুলি সৰা , অকালপক্কতা , শ্ৰীবৃদ্ধি নোহোৱা আদি বিভিন্ন সমস্যাৰ উদ্ভৱ হয় । এই আয়ৰণ লাভ কৰিবলৈ হলে পালেং শাক , ৰঙা মাংস ,মুৰ্গীৰ মা‌ংস , ৰঙা শাক ,ব্ৰুকোলি ,মাছ, ডালিম আদি খাব লাগে।

৩/ দৈ :– প্ৰোটিন ও কেলচিয়াম সমৃদ্ধ দৈ আপোনাৰ খাদ্য তালিকাত সংযোগ কৰিলে ভিটামিন বি ৫ প্ৰচুৰ পৰিমাণে পোৱা যায় । নিয়মিত দৈ খালে চুলি পাতল হোৱা সমস্যাৰ পৰা হাত সৰাৰ লগতে চুলি কলা আৰু ঘন হয় ।

৪/ তেলযুক্ত মাছ :— শীতকালত তেলযুক্ত মাছ দৈনিক খালে ওমেগা ৩ আৰু ফেটি এচিদ লাভ কৰিব পাৰিব । ই আমাৰ শৰীৰত স্বাস্থ্যকৰ ফেট সৃষ্টি কৰি চুলিৰ পুষ্টি সাধন কৰিব । বিশেষকৈ চুলিৰ সৌন্দৰ্য বৃদ্ধি কৰাত ওমেগা ৩ অতিকৈ উপকাৰী । ই চুলি প্ৰাণবন্ত কৰি তোলে ।

৫/ ভিটামিন চি :– আয়ৰণ সংগ্ৰহ কৰাত ভিটামিন চিয়ে সাংঘাতিক ধৰণে সহায় কৰে । ভিটামিন চি বিভিন্ন ধৰণৰ শাক-পাচলি ,কমলা ,নেমু, মিঠা আলুত পোৱা যায় । এইকেইবিধ খাদ্য দৈনিক খালে আপোনাৰ ছালৰ লগতে চুলিও মজবুত হৈ থাকিব ।

Exit mobile version