Guwahti:মহানগৰীত মৰেল পুলিচগিৰি

প্ৰাণ গ'ল যুৱকৰ

WhatsApp Image 2022 11 17 at 15.34.23

Guwahti:
গুৱাহাটী মহানগৰীত সংঘটিত হ’ল এক মৰ্মান্তিক ঘটনা ৷ মৰেল পুলিচ গিৰিত প্ৰাণ গ’ল এজন যুৱকৰ ৷ লালগণেশৰ আদাগুদামত সুনীল শৰ্মা নামৰ যুৱকক দলবদ্ধভাৱে প্ৰহাৰ কৰে একাংশ শ্ৰমিকে ৷

উপযুপৰি প্ৰহাৰত তেজেৰে তুমৰলি হোৱা যুৱকজনক ততাতৈয়াকৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ নিয়া হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে ৷

উল্লেখ্য গুৰুত্বৰভাৱে আঘাতপ্ৰাপ্ত যুৱকজনক প্ৰথমে অনা হৈছিল ফটাশিল – আমবাৰী থানালৈ৷ পিছত সংকটজনক হোৱাত আৰক্ষীয়ে জি এম চি এইচলৈ লৈ যায় ৷

স্মতৰ্ৱ্য যে ফটাশিল- আমবাৰী থানাৰ সন্মুখৰ আদা গুদামত সংঘটিত এই কৰুণ ঘটনাই পুনৰ এবাৰ উন্মোচিত কৰিলে আৰক্ষীৰ ব্যৰ্থতা ৷

আনহাতে স্থানীয়লোকে অভিযোগ কৰা মতে মৰিল পুলিচ গিৰিৰ বলি হোৱা যুৱকজনে এজন লোকৰ বাসগৃহত চুৰি কৰিবলৈ গৈ ধৰা পৰে ৷ তাৰ পিছত সেই সময়ত ঘটনাৰ বুজ ল’বলৈ অহা লোকে যুৱকজনক উপযুপৰি মাৰপিট কৰি মুমুৰ্ষ অৱস্থাত এৰি থৈ যায় ৷

আৰক্ষীয়ে সুনীল শৰ্মা নামৰ যুৱকজনৰ মৃতদেহ জিন্মাত লৈ মৰনোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে চিকিৎসালয়লৈ ৷ আনহাতে মৰেলপুলিচ গিৰি সন্দৰ্ভত এই পৰ্যন্ত কাকো আটক কৰিবলৈ সক্ষম হোৱা নাই যদিও তদন্ত অব্যাহত ৰাখিছে ৷

Exit mobile version