Electricity Charges Hike :
অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী আৰু ইন্ধনৰ মূল্যবৃদ্ধিয়ে এক প্ৰকাৰ মাধমাৰ সোধোৱা ৰাজ্যবাসীৰ ওপৰত এইবাৰ ভুতৰ ওপৰত দানহ পৰাৰ দৰে প্ৰতি ইউনিটত বিদ্যুৎৰ মাচুল বৃদ্ধিৰ সিদ্ধান্ত লৈছে এপিডিচিএলে ৷
মহানগৰীৰ পল্টনবজাৰ স্থিত বিজুল ভৱনৰ পৰা প্ৰাপ্ত খবৰ মতে, অসম শক্তি বিতৰণ কোম্পানী লিমিটেড চমুকৈ এ পি ডি চি এলে প্ৰতি ইউনিটত অতিৰিক্ত ০.৭৯ টকা বৃদ্ধিৰ সিদ্ধান্ত লৈছে।
আনহাতে এপিডিচিএলে স্পষ্ট কৰি দিয়ে যে এই বৃদ্ধি তিনিমাহৰ বাবে কাৰ্যকৰী হ’ব৷ বৰ্ধিত হাৰ ডিচেম্বৰৰ পৰা ফেব্ৰুৱাৰিলৈকে কাৰ্যকৰী হৈ থাকিব।
আনহাতে এ পি ডি এলে জাৰি কৰা এক জাননীত উল্লেখ কৰে যে , ইন্ধন আৰু বিদ্যুত কিনাৰ ক্ষেত্ৰত অতিৰিক্ত খৰচ বহনৰ বাবেই এইদৰে মাচুল বৃদ্ধিৰ সিদ্ধান্ত কৰিবলৈ বাধ্য হয় এপিডিচিএল ৷