Election : চাৰি ডিচেম্বৰত অনুষ্ঠিত হ’বলগীয়া দিল্লী পৌৰ নিগম নিৰ্বাচনৰ প্ৰচাৰত ব্যস্ত সৰ্বানন্দ সোণোৱাল

Election :

দিল্লীক জাকতজিলিকা কৰি বিশ্বৰ এখন আগশাৰীৰ চহৰ হিচাপে গঢ়ি তুলিবলৈ আগন্তুক পৌৰ নিগমৰ নিৰ্বাচনত বিজেপিৰ পক্ষত ভোটদান কৰিবৰ বাবে আগুৱাই আহিবলৈ জনতাক সোণোৱালে আহ্বান জনায়

কেন্দ্ৰীয় মন্ত্ৰী তথা ভাৰতীয় জনতা পাৰ্টিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্রীয় মন্ত্রী সৰ্বানন্দ সোণোৱালে অহা চাৰি ডিচেম্বৰত অনুষ্ঠিত হ’বলগীয়া নতুন দিল্লীৰ পৌৰ নিগম নিৰ্বাচনৰ বাবে আজি চাৰিখন প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে।

প্ৰচাৰ সভাত সোণোৱালে জনগণক উদ্দেশ্যি কয়, “মাননীয় প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ সপোনৰ ভাৰতবৰ্ষক এক নতুন ৰূপ দিয়াৰ ক্ষেত্ৰত দিল্লীৰ জনতাই অগ্রণী ভূমিকা পালন কৰিব লাগিব। মোদী ডাঙৰীয়া নেতৃত্বাধীন বিজেপি চৰকাৰৰ সদিচ্ছাপূৰ্ণ নেতৃত্বত সৰ্বস্তৰৰ লোকৰে কল্যাণ সাধন হৈছে আৰু বিভিন্ন কল্যাণকামী পদক্ষেপে সকলোৰে জীৱন ধাৰণৰ মান উন্নত কৰিছে। কেন্দ্ৰত বিজেপি চৰকাৰ থকাৰ দিনতে এতিয়া ভাৰতে ইউ কে-ক পিছপেলাই বিশ্বৰ পঞ্চম বৃহৎ অর্থনীতি হিচাপে পৰিগণিত হৈছে।”

তদুপৰি মোদী চৰকাৰৰ দূৰদৰ্শী চিন্তা আৰু দেশৰ প্ৰতি থকা উৎসর্গিত মনোভাৱে এখন আত্মনিৰ্ভৰ ভাৰত গঢ়াৰ যাত্ৰাকো ত্বৰান্বিত কৰা বুলি সোণোৱালে উল্লেখ কৰে।

দেশৰ ৰাজধানী চহৰ দিল্লীক জাকতজিলিকা কৰি সৰ্বাংগসুন্দৰভাৱে গঢ়ি তুলিবলৈ বিকাশ আৰু প্ৰগতিৰ বাটেৰে প্রধানমন্ত্ৰীৰ পথ-প্ৰদৰ্শন তথা ইতিবাচক দৃষ্টিভংগীৰ ওপৰত বিশ্বাস ৰাখি দিল্লীবাসীক আগন্তুক পৌৰ নিগম নিৰ্বাচনৰ বাবে বিজেপিৰ পক্ষত ভোটদান কৰিবৰ বাবে আগুৱাই আহিবলৈ সোণোৱালে আহ্বান জনায়।

প্রধানমন্ত্ৰীৰ নেতৃত্বত ভাৰতে বিশ্বৰ এখন আগশাৰীৰ দেশ হিচাপে প্রতিষ্ঠা হ’বলৈ পুর্ণোদ্যমে আগবাঢ়িছে আৰু এইক্ষেত্ৰত বিজেপিয়ে ভাৰতৰ চহৰসমূহৰ উন্নয়নক প্রাধান্য দি আগন্তুক অমৃতকালৰ ভিতৰত ভাৰতক বিশ্বৰ বুকুত উজ্বলাই তোলাৰ পণ লৈছে বুলিও সোণোৱালে মন্তব্য কৰে। দিল্লীক বিশ্বৰ এখন আগশাৰীৰ চহৰ হিচাপে উজলাই তোলাৰ বাবে বিজেপি চৰকাৰে আগন্তুক দিনতো বিভিন্ন প্রচেষ্টা হাতত ল’ব বুলি সোণোৱালে কয়।

ৰাজধানী চহৰখনত ব্যাপকভাৱে বৃদ্ধি পোৱা প্ৰদূষণ, সুৰা কেলেংকাৰী, বিশুদ্ধ খোৱাপানীৰ প্ৰয়োজনীয়তা পূৰণ কৰিব নোৱৰা আদিয়ে কেজৰিৱাল চৰকাৰৰ ব্যৰ্থতাকেই প্রতিফলিত কৰিছে বুলি সোণোৱালে উল্লেখ কৰে।

আনহাতে মোদী চৰকাৰে দিল্লীক উন্নয়নৰ নতুন শিখৰলৈ লৈ যোৱাৰ বাবে নতুন নতুন প্ৰচেষ্টা হাতত লৈছে। কেন্দ্ৰীয় চৰকাৰে দিল্লী চৰকাৰক যমুনা নদী পৰিষ্কাৰৰ বাবে কেইবা কোটি টকা প্ৰদান কৰিছিল। ইয়াৰোপৰি স্বাস্থ্য সেৱা, শিক্ষা আদিকে ধৰি বিভিন্ন খণ্ডৰ বিকাশ আৰু প্ৰগতিৰ স্বাৰ্থত বৃহৎ ৰাশিৰ ধন মুকলি কৰি দিল্লী চৰকাৰক প্ৰদান কৰা হৈছে বুলিও সোণোৱালে উল্লেখ কৰে।

তদুপৰি সোণোৱালে বিগত সময়ছোৱাত দিল্লী বিজেপি পৌৰ নিগমে ৰূপায়ণ কৰা বিভিন্ন কল্যাণকামী পদক্ষেপৰ সন্দৰ্ভতো
আলোকপাত কৰে।

Exit mobile version