Asha Parekh : শকত হোৱাৰ পাছতো ভাৰতীয় যুৱতসকলে পশ্চিমীয়া পোছাক কিয় পৰিধান কৰে, প্ৰশ্ন আশা পাৰেখৰ

Asha Parekh 1664620166086 1664620166221 1664620166221

Asha Parekh :

ভাৰতীয় মহিলাসকলে ঘাঘৰা-চোলি বা শাৰী আদিৰ দৰে পৰম্পৰাগত পোছাকৰ সলনি বিবাহৰ বাবে পশ্চিমীয়া পোছাক বা গাউন কিয় পিন্ধে?

প্ৰশ্ন উত্থাপন কৰিলে ভাৰতীয় চলচ্চিত্ৰ জগতৰ প্ৰবীণ অভিনেত্ৰী আশা পাৰেখে । আশাৰ মতে, বিষয়টো ভাৰতৰ ঐতিহ্য আৰু সংস্কৃতিৰ বাবে “অতি দুখজনক”।

তেঁওৰ প্ৰশ্ন, এগৰাকী মহিলা শকত বা মেদবহুল হোৱাৰ স্বত্তেও কি দৰে সেই পশ্চিমীয়া পোছাক পিন্ধিব পাৰে ? আশাই গোৱাত ভাৰতৰ ৫৩ তম আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ এখন সভাত ভাষণ দিয়াৰ সময়ত এই কথা কয়।

আশাই ক’লে, “সকলো সলনি হৈছে। মই নাজানো আমি কিয় পশ্চিমীয়া সভ্যতাৰ দ্বাৰা ইমান আকৰ্ষিত! মহিলাসকলে গাউন পিন্ধি বিয়ালৈ আহে । আমাৰ পৰম্পৰাগত পোছাক যেনে ঘাঘৰা-চোলি, ছালৱাৰ-কামিজ আৰু শাৰী আছে। সেইবোৰ পৰিধান কৰক । ”

তেওঁ লগতে কয়, ” কিয় মহিলাসকলে ভাৰতীয় পোছাক পৰিধান নকৰে? কেৱল আজিৰ নায়িকাসকলে ইয়াক পিন্ধাৰ বাবে? আজিৰ যুৱতীসকলে অভিনেত্ৰীসকলে পৰ্দাত যি পিন্ধে সেয়া পিন্ধিব বিচাৰে। যুৱতীৰাকী শকত হ’লেও, তেওঁ সেই পোছাক পিন্ধিব বিচাৰে। সকলোবোৰৰ পশ্চিমীকৰণ দেখি মোৰ কষ্ট হয় । আমাৰ ইমান ভাল সংস্কৃতি, নৃত্য আৰু সঙ্গীত আছে যিয়ে পপ সংস্কৃতি পৰাস্ত কৰিব ।”

Exit mobile version