Silchar Cabinet Meeting : কেবিনেট বৈঠক উপলক্ষে শিলচৰ যেন এতিয়া মিনি দিছপুৰলৈ পৰিণত 

WhatsApp Image 2022 11 28 at 21.12.33 1

Silchar Cabinet Meeting :

 মঙলবাৰে শিলচৰত অসম চৰকাৰৰ মন্ত্ৰীসভাৰ কেবিনেট বৈ উপলক্ষে চহৰখনক সজাই-পৰাই তোলা হৈছে । চাৰিওফালে চূণ, তেল ঘহি শিলচৰৰঅফিচ-আদালত, ৰাস্তা-দলং সজাই তোলা হৈছে ।

শিলচৰ যেন এতিয়া মিনি দিছপুৰতে পৰিণত হৈছে । চহৰত জান-যট নিয়ন্ত্ৰণৰ বাবে নো এন্ট্ৰি, চেক পইন্ট  আৰু ৱান ৱে হিচাপে ট্ৰেফিক নিৰ্দেশিকা জাৰি কৰা হৈছে ।

শিলচৰ কুম্ভীৰগ্ৰাম বিমানবন্দৰৰ পৰা শিলচৰ চহৰলৈ‌ পথৰ স্থানে স্থানে মুখ্যমন্ত্ৰী আৰু মন্ত্ৰীসকলৰ হোৰ্ডিং আৰু প’ষ্টাৰ লগোৱা হৈছে । তদুপৰি কাছাৰ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখৰ পথত আলপনা অঁকাই সজাই তোলা হৈছে ।

জিলা বিজেপিৰ উদ্যোগত অর্কিট পেন্টাৰ গ্রুপৰ কুৰি গৰাকী শিল্পীৰ ৰং তুলিকাৰে আলপনা অঁকাই সজাই তোলা হৈছে । এই জিলা উপায়ুক্ত কাৰ্যালয়ৰ নৱনির্মিত অত্যাধুনিক শব্দ নিয়ন্ত্রক আৰু শীততাপ নিয়ন্ত্রক হলত কেবিনেট বৈঠক অনুষ্ঠিত হ’ব ।

তদুপৰি কাছাৰ জিলা বিজেপি কাৰ্যালয় কইনাৰ সাজে সজাই তোলা হৈছে । নানা ৰঙৰ বৈদ্যুতিক লাইট লগোৱা হৈছে ।

উল্লেখ্য, অহাকালি স্বাধীনতাৰ ৭৫ বছৰৰ ভিতৰত এই প্ৰথম শিলচৰত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন বিজেপি মিত্ৰজোঁট চৰকাৰৰ ঐতিহাসিক কেবিনেট  বৈঠক অনুষ্ঠিত হ’ব ।

আজি কেবিনেট বৈঠকসহ চৰকাৰি বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণৰ উদ্দেশ্যে নিশা গুজৰাটৰ পৰা চাৰ্টাড বিমানযোগে শিলচৰলৈ মুখ্যমন্ত্ৰী ড° বিশ্ব শৰ্মা উপস্থিত হৈছে ।

 মুখ্যমন্ত্রীৰ আগমনৰ পূর্বে পুৱাৰ ভাগত শিলচৰলৈ কে’বাজনো মন্ত্রী উপস্থিত হয় ৷ কেবিনেট বৈঠকত অংশগ্ৰহণৰ উদ্দেশ্যে পুৱা ১১ বজাত ইণ্ডিগো বিমানযোগে  মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, ৰনোজ পেগু, অতুল বৰা, অজন্তা নেওগ, চন্দ্ৰমোহন পাটোৱাৰী, অশোক সিংহালকে ধৰি কে’বাজনো মন্ত্ৰী শিলচৰত উপস্থিত হয় ।

বিয়লি স্পাইচ জেট বিমানযোগে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস, মন্ত্ৰী বিমল বৰা, যোগেন মহান, সঞ্জয় কৃষাণ, পীযুষ হাজাৰিকা, নন্দিতা গাৰলোছা, উৰাখাও ব্ৰহ্ম উপস্থিত হয় ।

তেওঁলোকে কেবিনেট বৈঠকত অংশগ্ৰহণৰ পূৰ্বে বৰাক উপত্যকাৰ ১৫টা সমষ্টি ভ্ৰমণ কৰি বিভিন্ন চৰকাৰী আঁচনি সন্দৰ্ভত মুখ্যমন্ত্ৰী ড° বিশ্ব শৰ্মাৰ ওচৰত প্ৰতিবেদন দাখিল কৰিব ।

ইফালে মঙলবাৰে পুৱা ১০ বজাত শিলচৰ চহৰৰ ৰাংগিৰখাৰীৰ ৪২ কোটি টকা ব্যয় সাপেক্ষে মুখ্যমন্ত্ৰীয়ে ৰাংগিৰখাল নলাৰ গাৰ্ড ৱালৰ কামৰ আধাৰশিলা স্থাপন কৰিব  ।

ইয়াৰ পাছতে জিলা উপায়ুক্ত কার্যালয়ত কেবিনেট বৈঠকত অংশ ল’ব মুখ্যমন্ত্রীয়ে ৷ বৈঠকৰ অন্তত মুখ্যমন্ত্রীয়ে সংবাদ মেলত ভাষণ দিব ৷

ইয়াৰ পাছত মুখ্যমন্ত্রীয়ে ড’লু চাহ বাগিচাত শ্রমিকসকলৰ মাজত চেক বিতৰণ কৰি ৰাজহুৱা সভাত অংশ ল’ব ৷ পাছত মুখ্যমন্ত্রীয়ে বিজেপি দলৰ কার্যালয়ত ৰাতিৰ আহাৰ গ্ৰহণৰ বাবে বৈঠকত মিলিত হ’ব ৷

মঙলবাৰে শিলচৰত নিশা কটোৱাৰ পাছত বুধবাৰে পুৱা ১১ বাজি ৪৫ মিনিটত  বিমানযোগে গুৱাহাটীলৈ ৰাওনা হ’ব ।

Exit mobile version