বীমা ব্যৱসায়ৰ ক্ষেত্ৰত আমূল পৰিৱৰ্তন আনিবলৈ সাজু হৈছে বীমা নিয়ন্ত্রক আৰু উন্নয়ন কর্তৃপক্ষ (আই আৰ ডি এ)ই। আই আৰ ডি এৰ এই নতুন পদক্ষেপৰ ফলত বীমা গ্রাহকসকলে বর্তমানৰ তুলনাত অধিক সা-সুবিধা লাভ কৰিব।
এই সন্দৰ্ভত সিদ্ধান্ত গ্রহণৰ বাবে আই আৰ ডি এয়ে এখন পৃথক পেনেল গঠন কৰিছে। এই পেনেলে বীমা ব্যৱসায়ত নানা পৰিৱৰ্তন সাধনৰ পৰামর্শ দিছে। আগন্তুক সময়ত এখন বীমা আঁচনিৰ জৰিয়তে সকলাে ধৰণৰ সুযােগ, সুবিধা আৰু কভাৰেজ গ্রাহকসকলে লাভ কৰাৰ সম্ভাৱনা আছে।
পেনেলে দিয়া পৰামর্শ অনুসৰি, এখন বীমা আঁচনিৰ অধীনত জীৱন বীমা, সাধাৰণ বীমা আৰু স্বাস্থ্য বীমাৰ সমন্বয় থাকিব। গ্রাহকে নিজৰ সুবিধা আৰু প্রয়ােজন অনুসৰি এই বীমা পণ্যৰ যিকোনাে এটা ক্রয় কৰিব পাৰিব।
অৱশ্যে সকলাে বীমা পণ্যত এখন জীৱন, এখন ‘নন-লাইফ’ আৰু এখন স্বাস্থ্য বীমা বাধ্যতামূলক হ’ব। আই আৰ ডি এৰ পেনেলে পৰামর্শ দি কৈছে যে বীমা কোম্পানীয়ে এই পণ্যসমূহক যৌথ অথবা পৃথক পণ্য হিচাপে গ্রাহকক বিক্ৰী কৰিব পাৰিব।
স্বাস্থ্য আৰু ব্যক্তিগত বীমাৰ ‘কভাৰেজ’ পলিচিধাৰীৰ পৰিয়াল পর্যন্ত প্ৰসাৰিত কৰা হ’ব পাৰে। পলিচিৰ অন্তত, পলিচিধাৰীয়ে যদি ‘কম্বিনেচন প্র’ডাক্ট’ নবীকৰণ কৰাব নিবিচাৰে, তেন্তে তেওঁ জীৱন, সাধন বা স্বাস্থ্য বীমা আঁচনি নির্বাচন কৰি ল’ব পাৰিব।






























