Manish Sisodia:
মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই আপৰ জ্যেষ্ঠ নেতা মনীষ চিছোদিয়াৰ বিৰুদ্ধে দাখিল কৰা মানহানি গোচৰ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ত মুখ থেকেচা চিছোদিয়াৰ ৷
উল্লেখ্য যে ক’ভিডৰ সময়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ পৰিয়ালৰ কোম্পানীক পিপিই কীটৰ ঠিকা দিয়া বুলি অভিযোগ উদ্থাপন কৰিছিল এক মনীষ চিছোদিয়াই ৷
ইয়াৰ পিছতে মুখ্যমন্ত্ৰী শৰ্মাই চিছোদিয়াৰ বিৰুদ্ধে কামৰূপ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত এক ফৌজদাৰী মানহানিৰ গোচৰ ৰুজু কৰে ৷
পৰৱৰ্তী সময়ত আদালতে দাখিল কৰা চমনৰ বিৰুদ্ধে গুৱাহাটী উচ্চ ন্যায়ালয়ত আবেদন জনায় দিল্লীৰ উপ-মুখ্যমন্ত্ৰী গৰাকীয়ে ৷ কিন্ত চিছোদিয়াৰ আবেদন নাকচ কৰে উচ্চ ন্যায়ালয়ে ৷
আনহাতে উচ্চ ন্যায়ালয়ক প্ৰত্যাহ্বান জনাই মনীষ চিছোদিয়াই উচ্চতম ন্যায়ালয়ত কাষ চাপি এক আবেদনত উল্লেখ কৰে যে তেওঁৰ বিৰুদ্ধে হিমন্ত বিশ্ব শৰ্মাই দাখিল কৰা মানহানি গোচৰ বাতিল কৰিব লাগে ৷
উচ্চতম ন্যায়ালয়ত ফৌজদাৰী মানহানিৰ গোচৰ বাতিল কৰিবলৈ মনীষ ছিছ’দিয়াই দাখিল কৰা আবেদনৰ শুনানি গ্ৰহণ কৰিবলৈ অশ্বীকাৰ কৰি চিছোদিয়াক তীব্ৰ ভৎসনা কৰে উচ্চতম ন্যায়ালয়ে। ইয়াৰ পিছতে চিছোদিয়াই আবেদন প্ৰত্যাহাৰ কৰে ন্যায়ালয়ৰ পৰা ৷
ইয়াৰ লগে লগে মনীষ চিছোদিয়াৰ বিৰুদ্ধে ড:হিমন্ত বিশ্ব শৰ্মাই কামৰূপ জিলা মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত দাখিল কৰা ফৌজদাৰী মানহানি গোচৰটো বাহাল থাকিল আৰু এই গোচৰ অব্যাহত থাকিব কামৰূপ চি জি এম আদালতত ৷