Ancient Crafts :
অসমৰ প্ৰাচীনতম্ কলা সমূহৰ ভিতৰত অন্যতম পুতলা নাচ। পুতলা শব্দৰ আভিধানিক অর্থ, আনৰ দ্বাৰা পৰিচালিত এক নির্জীৱ আহিলা অর্থাৎ শিশোরে ওমলা দেৱতাৰ বা সৰুকৈ সজা মানুহৰ আকৃতিৰ মূৰ্ত্তি ।
প্ৰাক শংকৰী যুগতেই অর্থাৎ একাদশ শতিকাৰ আগৰে পৰাই অসম মুলুকত পুতলা নাচৰ প্ৰচলন হৈছিল। পৰৱৰ্তী সময়ত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৰচনাৰাজীটো পুতলা নাচৰ এই পুৰণি কালৰ কলা বিধৰ সন্দৰ্ভত লিখনি প্রকাশ পাইছে।
একাদশ শতিকাৰ পূৰ্বৰে পৰা বহুলভাৱে প্রচলিত এই পুতলা নাচে বিগত কেইটামান দশকৰ পূৰ্বলৈকে এক অভূতপূর্ব জনপ্রিয়তা লাভ কৰিবলৈ সক্ষম হ’ল।
বিভিন্ন ধৰণৰ সামাজিক অনুষ্ঠানত পুতলা নাচ প্ৰদৰ্শন কৰা হৈছিল। কিন্তু গতিশীল সময়ৰ পৰিৱৰ্তনৰ লগে-লগে বহু পুৰণি সভ্যতা- সংস্কৃতি, কলা-কৃষ্টিৰ লগতে অসমৰ এই আপুৰুগীয়া কলা বিধৰো বিলুপ্তপ্রায় অৱস্থাৰ সৃষ্টি হ’ল ।
যাৰ পৰিপ্ৰেক্ষিতত আজিৰ নৱপ্ৰজন্মৰ মাজত এই কলা বহুতৰে বাবে অপৰিচিত হৈ পৰাৰ লগতে অতীত হোৱা যেন অনুমান হয় । সাম্প্রতিক সময়ৰ অত্যাধুনিকতা আৰু যান্ত্ৰিকতাময় পৰিৱেশৰ মাজতো হেৰাই যাবলৈ ধৰা পুতলা নাচক নগাঁও জিলাৰ বঢ়মপুৰৰ নিকটৱৰ্তী ভেৰভেৰী গাঁৱৰ এগৰাকী আশী বছৰীয়া বৃদ্ধই জীয়াই ৰাখিবলৈ আপ্রাণ চেষ্টা অব্যাহত ৰখাটো এক উল্লেখনীয় বিষয়।
৩০ বছৰ বয়সৰ পৰা পুতলা নাচৰ থিয়েটাৰৰ লগত জড়িত এই জাত শিল্পীগৰাকীৰ নাম উপেন শর্মা । যি গৰাকীয়ে দৰিদ্ৰতাৰ মাজেৰেও এই কলা বিধক জীয়াই ৰখাৰ বাবে আপ্রাণ প্রচেষ্টা অব্যাহত ৰাখিছে।
তথ্য অনুসৰি, তেখেতৰ পিতৃ গুণাৰাম শৰ্মাই পুতলা থিয়েটাৰত পুতলা নচুৱাইছিল । পিতৃৰ পদাংক অনুসৰন কৰি উপেন শৰ্মাইও নিজ পিতৃক আদর্শ হিচাপে লৈ সংস্কৃতি জীয়াই ৰখাৰ চেষ্টাৰে ৩০ বছৰ বয়সৰে পৰা দেউতাকক সহায় কৰিছিল তথা সহযোগী শিল্পী হিচাপে শ্রমদান কৰিছিল ।
বিগত পঞ্চাশ বছৰ কাল অসমৰ বিভিন্ন প্ৰান্তত পুতলা থিয়েটাৰৰ মঞ্চত কেবাখনো নাটকত পুতলা নচুৱাই অঞ্চলবাসীলৈ গৌৰৱ কঢ়িয়াই অনাৰ লগতে নিজৰ সৰু পৰিয়ালটিকো শর্মাই পোহপাল দি আহিছে।
সময়ৰ গতিত পুতলা নাচৰ দৰে অসমীয়া কলা- সংস্কৃতিৰ এই অনবৈদ্য প্রাচীনতম কলাবিধ সকলোৱে পাহৰিবলৈ ধৰিলেও উপেন শৰ্মাৰ শিল্পী প্রাণে আজিও পাহৰিব পৰা নাই।
এইজন প্রখ্যাত শিল্পী বিগত পঞ্চাশ বছৰে ৰজা ঘৰৰ পৰা পাবলগীয়া শিল্পী পেঞ্চনটোৰ পৰাও আজি পৰ্য্যন্ত বঞ্চিত হৈ থাকিবলগা হোৱাটো অতি পৰিতাপৰ কথা।
যিটো সময়ত চৰকাৰে সকলো শিল্পীকে পেঞ্চন দিয়া কথা অথবা শিল্পী সকল উপকৃত হ’ব পৰাকৈ বিভিন্ন আঁচনিৰ কথা কৈ আছে ঠিক তেনে সময়তে এইজন প্রখ্যাত শিল্পী আজি ৫০ বছৰে বঞ্চিত হৈ আছে ।
আর্থিকভাৱে দুর্বল হ’লেও শিল্পীগৰাকীয়ে নিজৰ গাঠিৰ ধন খৰচ কৰি নাটকত ব্যৱহাৰ কৰিব পৰা পুতলাসমূহ অতি যতনেৰে আজিও সংৰক্ষণ কৰি ৰাখিছে।
হেৰাই যাবলৈ ধৰা এই কলাক পুনৰ উজ্জীৱিত কৰাৰ লগতে নৱপ্ৰজন্মই যাতে পুতলা নাচৰ বিষয়বস্তু বুজি পায়, তাৰ বাবে শিল্পীগৰাকীৰ যি প্রচেষ্টা তাক অঞ্চলবাসী সকলোৱে শলাগ লৈছে ।
শিল্পী গৰাকীয়ে এই কলাবিধ জীয়াই ৰাখিবৰ বাবে যি কষ্ট স্বীকাৰ কৰিছে তাক সফলভাৱে ৰূপায়ন কৰিবলৈ ৰাজ্য চৰকাৰ আৰু প্ৰশাসনক দাবী জনাইছে সচেতন মহলে ।