Bollywood 2022 : ২০২২ ৰ বলিউড : সফলতকৈ ব্যৰ্থ ছবিৰ সংখ্যা অধিক হ’ল

images 23

Bollywood 2022 :

২০২২ বৰ্ষতো বিশ্বৰ সৰ্ববৃহৎ চলচ্চিত্র উদ্যোগ হিচাপে পৰিচিত বলিউডৰ বাবে যথেষ্ট হতাশজনক আছিল। এই বৰ্ষত এখনৰ পাছত আন এখন বহু প্রত্যাশিত বিগ বাজেটৰ ছবিয়ে মুক্তি লাভ কৰিছিল যদিও বক্স অফিচত সফলতা লাভ কৰা ছবিৰ সংখ্যা তেনেই নগণ্য।

এখনৰ পাছত আন এখন ছবিৰ বাণিজ্যিক ব্যৰ্থতাই বলিউডৰ অস্তিত্বক লৈয়ো প্রশ্ন উত্থাপন কৰিছিল। আমিৰ “খানৰ দৰে মহাতাৰকা অভিনেতাৰ বহুচৰ্চিত ছবিয়েও চলিত বৰ্ষত বক্স অফিচত মুখ থেকেচা খালে।

আমিৰ অভিনীত ‘লাল সিং চড্ডা” ছবিখনৰ বাণিজ্যিক ব্যর্থতাই বলিউডক কঁপাই তুলিছিল। ২০২২ৰ বক্স অফিচত মাত্র পাঁচখন ছবিয়েহে দৰ্শকৰ সঁহাৰি লাভ কৰিবলৈ সফল হৈছিল।

‘আআআৰ’, ‘কেজিএফ ছেপ্টাৰ-২’ৰ পৰা আৰম্ভ কৰি ব্ৰহ্মাস্ত্র : পার্ট ১-শিবা’লৈকে কেইখনমান ছবিয়ে ভাৰতীয় চলচ্চিত্রপ্ৰেমীৰ হৃদয় জয় কৰিব পাৰিলে।

‘কেজিএফ-ছেপ্টাৰ-২’ ছবিখন এশ কোটি টকাৰ বাজেটত তৈয়াৰ কৰা হৈছিল আৰু এইখন ছবিয়ে দেশজুৰি ৯০০ কোটি টকাৰ আৰু বিশ্বজুৰি প্ৰায় ১২৫০ কোটি টকাৰ ব্যৱসায় কৰি ২০২২ৰ সবাতোকৈ বাণিজ্যিক সফল ছবি হিচাপে স্বীকৃত হ’ল।

৫০০ কোটি টকাৰ বাজেটত তৈয়াৰ কৰা তেলেগু ছবি ‘আআআৰ’-এ দেশজুৰি ৯০২ কোটি টকা আৰু বিশ্বজুৰি ১১৫০ কোটি টকা উপার্জন কৰিলে। ১১৫ কোটি টকাৰ বাজেটৰো তৈয়াৰ কৰা ‘বিক্রম’ ছবিখনে দেশজুৰি ২৫৫ কোটি টকা আৰু বিশ্বজুৰি ৫০০ কোটি টকাৰ ব্যৱসায় কৰিছিল।

একেদৰে ৫০০ কোটি টকাৰ বাজেটৰ ‘পন্নিয়ন ছেলভান-১’ ছবিখনে ভাৰতত ২৬৪ কোটি টকা আৰু বিশ্বজুৰি ৪২৩ কোটি টকাৰ ব্যৱসায় কৰে। বলিউডত সৰ্বাধিক ব্যৱসায় কৰা ছবি হিচাপে চলিত বৰ্ষত শীর্ষস্থান লাভ কৰিলে ৰণবীৰ কপুৰ অভিনীত ‘ব্রহ্মাস্ত্র ই।

বাণিজ্যিকভাৱে সফলতা লাভ কৰা আন এখন ছবি হৈছে আলিয়া ভাট অভিনীত ‘গংগুবাই কাথিয়াৱালী’। একেদৰে বছৰৰ অন্তিম ভাগত মুক্তি লাভ কৰা ‘দৃশ্যম-২’ ছবিখনেও বক্স অফিচত সফলতা অর্জন কৰিলে।

বছৰৰ আৰম্ভণিতে বক্স অফিচত আলোড়ন সৃষ্টি কৰা বিবেক অগ্নিহোত্ৰীৰ ‘দ্য কাশ্মীৰ ফাইলছ’ ছবিখনেও বাণিজ্যিক দিশত যথেষ্ট সফলতা লাভ কৰিছিল।

Exit mobile version