Numaligarh : নুমলীগড়ত এজন যুৱকৰ নিজৰ জন্মদিনত ব্যতিক্ৰমী পদক্ষেপ

বনৰীয়া হাতীৰ স'তে সহাৱস্থানৰ অন্যতম নিদৰ্শন, হাতীৰ জাকক ধৰিলে খাদ্যৰ যোগান

WhatsApp Image 2023 01 03 at 18.34.40 1

Numaligarh :

সম্প্ৰতি গোলাঘাটত হাতী-মানুহৰ সংঘাত চৰম পৰ্যায়ত উপনীত হোৱাৰ সময়তে বনৰীয়া হাতীৰ স’তে সহাৱস্থানৰ এক অন্যতম নিদৰ্শন দাঙি ধৰিছে এজন যুৱকে ।

সচৰাচৰ যুৱ সমাজত জন্মদিন বুলিলেই আধুনিকতাৰ ধামখুমীয়াত কেক কটা, পাৰ্টী কৰা আদি নহ’লেই যেন নহয় । কিন্তু, তেনে সময়তে নুমলীগড়ৰ গোবিন্দপুৰ চাহ বাগিচাৰ নিবাসী এজন চাহ জনগোষ্ঠীয় যুৱকে নিজৰ জন্মদিন উপলক্ষে বন্যহস্তীক খাদ্যৰ যোগান দি পৰম সন্তুষ্টি লয় ।

গোবিন্দপুৰ চাহ বাগিচাৰ শ্ৰমিক লাইনৰ নিবাসী যুৱক ভৃগুনাথ লোহাৰে তেওঁৰ ২৪ সংখ্যক জন্মদিনত আজি গাঁৱৰ একাংশ যুৱকৰ স’তে মিলি কলগছ সংগ্ৰহ কৰে । ইয়াৰ পাছত লেটেকুজান চাহ বাগিচাত আজি কিছুদিনৰ পৰা আশ্ৰয় লৈ থকা এটা হাতীৰ জাকৰ কাষলৈ অতি কষ্টৰ মাজেৰে কিছুদূৰ গাড়ীৰে আৰু কিছুদূৰ কান্ধত তুলি নিয়ে । কণ কণ পোৱালীসহ হাতীৰ জাকটোৱেও কলগছ পৰম তৃপ্তিৰে খোৱা দেখা যায় ।

খাদ্যৰ সংকটত পৰি জনাঞ্চলত এতিয়া যেনিয়ে তেনিয়ে বিচৰণ কৰিবলৈ লৈছে বনৰীয়া হাতীয়ে । ইয়াৰ ফলত নুমলীগড়ত নিতৌ সৃষ্টি হয় হাতী-মানুহৰ সংঘাতৰ ।

এনে সময়ত মানুহে সংঘাতৰ পৰিৱৰ্তে হাতীৰ স’তে সহাৱস্থান কৰাৰ প্ৰয়োজনীয়তা আহি পৰাৰ সময়তে গোবিন্দপুৰ চাহ বাগিচাৰ যুৱক ভৃগুনাথ লোহাৰে লোৱা পদক্ষেপৰ বিভিন্ন মহলে শলাগ লৈছে ।

Exit mobile version