Weight Loss Tips : দ্ৰুত ওজন কমাব এই তিনি পানীয় -এ

WhatsApp Image 2023 01 06 at 17.52.50

Weight Loss Tips :

বৰ্তমান প্ৰজন্ম নিজৰ ওজনক লৈ যথেষ্ট সচেতন । বৰ্ধিত ওজনে আমাৰ বাহ্যিক সৌন্দৰ্য নষ্ট কৰাৰ লগতে বিভিন্ন ধৰণৰ ৰোগৰো সৃষ্টি কৰে । সেইয়েহে ওজন কমাবলৈ বহুতে দৈনিক পৰিশ্ৰম কৰাৰ সমান্তৰালকৈ শৰীৰচৰ্চা আৰু কমকৈ খোৱাও পৰিলক্ষিত হয় ।

উল্লেখ্য যে , ইমানবোৰ কৰাৰ পাছতো কিন্তু ওজন নকমে । আচলতে এইবোৰ কৰাৰ কিছুমান নিৰ্দিষ্ট নিয়ম আছে । শৰীৰৰ ওজন নিৰ্ভৰ কৰে মানুহৰ বিপাক হাৰৰ ওপৰত । অৰ্থাৎ বিপাক হাৰ কমিলে মানুহৰ ওজন বাঢ়ে ।

কিন্তু এনে কিছুমান পানীয় আছে , যিবোৰ সেৱন কৰিলে বিপাক হাৰ বৃদ্ধি হোৱাৰ লগতে ওজন কমাতো সহায় কৰে ।

১/ আমলখি আৰু জিৰা :– আমলখিত আছে ভিটামিন চি , ভিটামিন বি ৫ , ভিটামিন বি ৬ , কপাৰ , মেঙ্গানিজ তথা পটাচিয়াম । এই উপকাৰী উপাদানসমূহে মানুহৰ বিপাক হাৰ বৃদ্ধি কৰি ওজন কমোৱাত সহায় কৰে । বিশেষকৈ শৰীৰৰ কলেষ্টৰলৰ হাৰ নিয়ন্ত্ৰণ কৰি ৰখাত আমলখি খুবেই উপকাৰী ।

ইয়াৰ বাবে একাপ গৰম পানীত আধা কাপ আমলখিৰ ৰস আৰু সামান্য পৰিমাণৰ ভজা জিৰা গুড়ি মিহলি পান কৰিলে শৰীৰৰ অনাৱশ্যক পদাৰ্থসমূহ বাহিৰ কৰি এটা সুস্থ শৰীৰ প্ৰদান কৰাৰ লগতে ওজন কমাটো সহায় কৰে ।

২/ জিৰা পানী :– কম কেলৰিযুক্ত জিৰাত আছে প্ৰদাহ বিৰোধী বৈশিষ্ট্য । যি শৰীৰৰ বৰ্ধিত ওজন কমোৱাত সহায় কৰে । সমান্তৰালকৈ জিৰাত আছে এন্টিঅক্সিডেন্টে , ভিটামিন এ , চি , মেঙ্গানিজৰ দৰে উপকাৰী খনিজ পদাৰ্থ ।

ইয়াৰ বাবে একাপ পানীত এচামুচ গোটা জিৰা গোটেই ৰাতি তিয়াই থৈ দিব লাগে । পুৱা অলপ মিচিৰি মিহলি কৰি এখন চেকনীৰে চেকি পান কৰিব লাগে । দৈনিক এই মিশ্ৰণ সেৱন কৰিলে নিশ্চিতভাৱে আপোনাৰ ওজন হ্ৰাস পাব ।

৩/ আপেল ভিনেগাৰ :– প্ৰতিদিন ৰাতিপুৱা আপেল চাইডাৰ ভিনেগাৰ পান কৰিলে ওজন নিয়ন্ত্ৰণ থকাৰ সমান্তৰালকৈ টাইপ ২ ডায়েবেটিচ , একজিমা , কলেষ্টৰলৰ দৰে সমস্যাও নিৰাময় হয় । বিশেষকৈ পেটৰ বৰ্ধিত মেদ কমাবলৈ আপেল ভিনেগাৰ এক অপৰিহাৰ্য পানীয় ।

ইয়াৰ বাবে এগিলাচ কুহুমীয়া পানীত এচামুচ আপেল চাইডাৰ ভিনেগাৰ আৰু অলপ মৌৰ ৰস মিহলাই পান কৰিব লাগে । সপ্তাহত তিনি চাৰিদিনকৈ পান কৰিলে নিশ্চিতভাৱে আপোনাৰ ওজন হ্ৰাস পাব ।

Exit mobile version