Food Poisoning : বমি, ডায়েৰিয়াৰ দৰে সমস্যাত চিকিৎসালয়ত ভৰ্তি চৰকাৰী বিদ্যালয়ৰ ১০০ জন শিক্ষাৰ্থী

1675159227 food poisoning

Food Poisoning :

বমি, পেটৰ বিষ আৰু ডায়েৰিয়াৰ দৰে সমস্যাত আক্ৰান্ত কেৰালাৰ প্ৰায় ১০০ গৰাকী শিক্ষাৰ্থীক ভৰ্তি কৰোৱা হ’ল চিকিৎসালয়ত ।

খাদ্য বিষক্ৰিয়াৰ ফলত ইমানবোৰ ছাত্ৰ-ছাত্ৰী অসুস্থ হৈ পৰাৰ সন্দেহ জিলা স্বাস্থ্য বিভাগৰ। এই সন্দৰ্ভত জিলা প্ৰশাসনে তদন্ত আৰম্ভ কৰিছে।

ৱায়ানাড জিলা প্ৰশাসনে জনোৱা মতে, অধিকাংশ ৰোগী লক্কিধি অঞ্চলৰ জৱাহৰ নবোদয় বিদ্যালয় নামৰ এখন চৰকাৰী আৱাসিক বিদ্যালয়ৰ ছাত্ৰ।

বিদ্যালয়খনত মুঠ ৪৮৬ জন শিক্ষাৰ্থী আছে। তেওঁলোকৰে কিছুমানৰ শনিবাৰৰ পৰা বমি আৰু ডায়েৰিয়াৰ সমস্যা হৈছিল। পৰৱৰ্তী তিনি দিনত, ওচৰৰ অঞ্চলৰ অধিক শিক্ষাৰ্থী অসুস্থ হৈ পৰে। মঙলবাৰে, ৰোগীৰ সংখ্যা ৯৮ লৈ বৃদ্ধি পায় ।

খাদ্য বিষক্ৰিয়াৰ বাবে ছাত্ৰ- ছাত্ৰীসমূহ অসুস্থ হৈ পৰিছে নেকি? আৱাসিক বিদ্যালয়খনলৈ গৈ পৰীক্ষা কৰে জিলাৰ বিষয়াসকলে। বিদ্যালয়ৰ পাকঘৰতো তেঁওলোকে পৰিদৰ্শন কৰে।

বিষয়াসকলে দাবী কৰিছে যে,বিদ্যালয়ৰ পাকঘৰত কোনো ধৰণৰ আপত্তিজনক খাদ্য পোৱা নগ’ল । জিলাখনৰ খাদ্য সুৰক্ষা বিভাগৰ এজন বিষয়াই কয় যে, “এই বিদ্যালয়ত ৰন্ধা খাদ্য যদি বিষাক্ত হৈ পৰিলহেঁতেন তেন্তে ইয়াৰ সকলো ছাত্ৰ-ছাত্ৰী অসুস্থ হৈ পৰিলহেঁতেন।” কিন্তু নহ’ল। ছাত্ৰ-ছাত্ৰীসকল কিয় অসুস্থ হৈ পৰিল সেই বিষয়ে জানিবলৈ আমি তদন্ত আৰম্ভ কৰিছো।

Exit mobile version