Pathaan in Pakistan : চেঞ্চৰ বোৰ্ডৰ তৰফৰ পৰা জাননী , পাকিস্তানত বন্ধ হ’ল ‘ পাঠান ‘

1675679443 pathaan 3

Pathaan in Pakistan :

সমগ্ৰ বিশ্বত ‘পাঠান ধুমুহা’ বলিছে’ শ্বাহৰুখ খান অভিনীত ‘পাঠান’ ২৫ জানুৱাৰীত মুক্তি লাভ কৰিছে । প্ৰাপ্ত তথ্য অনুসৰি তেতিয়াৰ পৰাই ছবিখন পাকিস্তানৰ ছবিগৃহত বেআইনীভাৱে প্ৰদৰ্শিত হৈছে। কিন্তু পাকিস্তানৰ চেঞ্চৰ বোৰ্ডে এইবাৰ সেই দেশত ছবিখনৰ বেআইনি প্ৰদৰ্শন বন্ধ কৰিবলৈ কঠোৰ পদক্ষেপ লৈছে।

আন ভাৰতীয় ছবিৰ দৰে সিদ্ধাৰ্থ আনন্দৰ পৰিচালিত ছবি ‘পাঠান’ খনো পাকিস্তানত মুক্তিৰ অনুমতি নাপালে যদিও নিষেধাজ্ঞাক বুঢ়া আঙুলি দেখুৱাই পাকিস্তানৰ পেক্ষাগৃহত প্ৰদৰ্শিত হৈছিল শ্বাহৰুখৰ ছবি । কিন্তু এইবাৰ ‘পাঠান’ৰ প্ৰদৰ্শন বন্ধ কৰি দিলে পাকিস্তান চৰকাৰে।

প্ৰাপ্ত তথ্য অনুসৰি কৰাচীৰ ডিফেন্স হাউচিং অথৰিটিত শ্বাহৰুখ অভিনীত চলচ্চিত্ৰখনৰ প্ৰদৰ্শন চলি আছিল। পাকিস্তানী মুদ্ৰাত টিকটৰ মূল্য ৯০০ টকা নিৰ্ধাৰণ কৰা হৈছিল।

পাকিস্তানৰ চেঞ্চৰ বোৰ্ডে জনাইছে যে বোৰ্ডৰ অনুমতি অবিহনে ব্যক্তিগত স্থানত এখন চলচ্চিত্ৰ প্ৰদৰ্শন কৰাটো অবৈধ। অন্যথা, তিনি বছৰৰ কাৰাদণ্ড বা এক লাখ টকালৈকে জৰিমনা (পাকিস্তানী মুদ্ৰাত) পৰ্যন্ত হ’ব পাৰে।

পাকিস্তানত ‘পাঠান’ৰ সপ্ৰদৰ্শনী আয়োজন কৰিছিল ‘ ফায়াৰওয়াৰ্কছ ইভেণ্টছ ‘ নামৰ এটা সংগঠনে । তথ্য অনুসৰি চেঞ্চৰ বোৰ্ডৰ পৰা জাননী পোৱাৰ পাছত, তেওঁলোকে ছবিখনৰ প্ৰদৰ্শন বন্ধ কৰি দিছে।

ভাৰতকে ধৰি সমগ্ৰ বিশ্বৰ বক্স অফিচত অভিলেখ সৃষ্টি কৰিছে এই ছবিখনে ।দেশৰ বক্স অফিচত এই পৰ্যন্ত পাঠানে ৪১৪ কোটি ৫০ লাখ টকাৰ ব্যৱসায় কৰিছে। আনহাতে, ছবিখনে দেওবাৰলৈকে বিশ্বজুৰি মুঠ ৮৩২ কোটি টকাৰ ব্যৱসায় কৰিছে।

Exit mobile version