Meghalaya Accident:মেঘালয়ত ভয়ংকৰ পথ দুৰ্ঘটনা,থিতাতে নিহত পাঁচ গৰাকী তৃণমুল কংগ্ৰেছৰ সমৰ্থক

WhatsApp Image 2023 02 20 at 18.36.23

Meghalaya Accident:

চুবুৰীয়া ৰাজ্য মেঘালয়ত ৰাজ্য বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযান তুংগত হোৱাৰ মাজতে সোমবাৰে উত্তৰ গাৰো পাহাৰ জিলাৰ মেঘালয়ৰ খাৰকুটাৰ সমীপৰ বলমেডাঙত সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা ৷ শোকাৱহ পথ দুৰ্ঘটনাটোত থিতাতে নিহত হয় পাঁচগৰাকী মহিলা ৷ আহত হয় কে’বাজনো লোক।

প্ৰাপ্ত খবৰ অনুসৰি নিৰ্বাচনী সভালৈ গৈ থকা পথত টাটা ডি আই গাড়ী এখনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত বাগৰি পৰে ৷ ফলস্বৰূপে বাহন খনত থকা পাঁচ গৰাকী তৃণমুল কংগ্ৰেছৰ সমৰ্থক নিহত হয় ৷

নিহত সকলৰ তিনিগৰাকী মহিলাক চিনাক্ত কৰা হৈছে তেওঁলোক হ’ল চাবিনা মাৰাক, কুকিলা মোমিন আৰু তেছা চাংমা ৷ বাকী দুগৰাকীৰ চিনাক্ত কৰিব পৰা হোৱা নাই ৷

আনহাতে দুৰ্ঘটনাৰ খবৰ পোৱাৰ পাছতে দুৰ্ঘটনাস্থলীত অসম বিধানসভাৰ উপাধ্যক্ষ ডা:নোমল মমিন উপস্থিত হৈ আহত সকলৰ চিকিৎসাৰ ব্যৱস্থা কৰাৰ বিপৰীতে আৰক্ষী উপস্থিত হৈ মৃতদেহ মৰনোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰে ৷

 

Exit mobile version