World’s Longest River Cruise Enters Guwahati :গুৱাহাটীত প্ৰৱেশ কৰিলে বিশ্বৰ দীৰ্ঘতম নদী ক্রুজ জাহাজ সেৱা গংগা বিলাসে

বস্ত্ৰনগৰী শুৱালকুছি ভ্ৰমণ কৰি পাট-মুগা হস্ততাঁত বস্ত্ৰ উদ্যোগ প্ৰত্যক্ষ কৰে ২৮ গৰাকী, মহাপীঠ কামাখ্যা মন্দিৰ আৰু ৰাজ্যিক সংগ্ৰহালয় ভ্ৰমণ কৰিব গংগা বিলাসৰ পর্যটকসকলে

WhatsApp Image 2023 02 20 at 19.16.17

World’s Longest River Cruise Enters Guwahati :

বিশ্বৰ আটাইতকৈ দীঘল নদী ক্রুজ জাহাজ সেৱা গংগা বিলাস‘ এ আজি ইয়াৰ ৪২ দিনীয়া যাত্ৰা সম্পূৰ্ণ কৰি বিয়লি ৩:৩০ বজাত গুৱাহাটীত প্ৰৱেশ কৰিছেহি ৷

গুৱাহাটীৰ পাণ্ডু বন্দৰত প্ৰৱেশ কৰাৰ লগে-লগে জাহাজখনৰ ২৮ গৰাকী বিদেশী পৰ্যটকক ভাৰতীয় অন্তর্দেশীয় জলমাৰ্গ প্ৰাধিকৰণ আৰু জিলা প্ৰশাসনৰ তৰফৰপৰা উষ্ম সাদৰ- সম্ভাষণ আৰু আতিথ্য প্ৰদান কৰা হয়।

অত্যাধুনিক গংগা বিলাস জাহাজখনক এছ এল সোৱণশিৰি আৰু এইচ পি টি আম্বেদকাৰ জাহাজ দুখনে ধুবুৰী বন্দৰৰপৰা আগবঢ়াই আনিছে ।

জাহাজৰপৰা অৱতৰণ কৰাৰ পাছত পৰ্যটকসকলক সুস্বাদু অসম চাহ আৰু অন্যান্য থলুৱা খাদ্য সম্ভাৰেৰে আপ্যায়ন কৰা হয়৷ ব্ৰহ্মপুত্ৰত সন্ধিয়া সূৰ্যাস্তৰ মনোৰম দৃশ্যাৱলীৰে মধুৰ হৈ উঠা পৰিৱেশত তেওঁলোকৰ বাবে কাৰ্বি আৰু তিৱা নৃত্য প্ৰদৰ্শন কৰা হয়, যি উপভোগ কৰি পর্যটকসকল আহ্লাদিত হৈ পৰে ৷

পৰ্যটকসকলক আজি অসম চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব মণিন্দৰ সিং, উপায়ুক্ত (কামৰূপ মেট্ৰ’) পল্লৱ গোপাল ঝা, ভাৰতীয় অন্তর্দেশীয় জলমার্গ প্ৰাধিকৰণৰ আঞ্চলিক সঞ্চালক এ ছেলভাকুমাৰ, এচিত্ৰছ পাৰ্থ পেগু প্ৰমুখ্যে অন্যান্য বিষয়ববীয়াসকলে উষ্ম আদৰণি জনায়।

পৰ্যটকসকলে কাইলৈ ৰাতিপুৱা অসম ৰাজ্যিক সংগ্ৰহালয়ৰ উপৰি মহাপীঠ কামাখ্যা মন্দিৰ দৰ্শন কৰিব আৰু তাৰপাছতেই তান্ত্ৰিক লোকাচাৰৰ প্রাণকেন্দ্র মায়ং অভিমুখে যাত্ৰা আৰম্ভ কৰিব।

আজিৰ দিনটোৰ আৰম্ভণিতে পর্যটকসকলে অসমৰ বস্ত্ৰনগৰী শুৱালকুছিত উপস্থিত হৈ ঐতিহ্যমণ্ডিত হস্ততাঁত উদ্যোগ দর্শন কৰে৷ শিপিনীসকলৰ যাদুকৰী হাতৰ পৰশত প্ৰাণ পাই উঠা এই অপৰূপ শিল্পকলা প্ৰত্যক্ষ কৰি পৰ্যটকসকল মন্ত্রমুগ্ধ হৈ পৰে ৷

বিশেষকৈ পাট-মুলা কাপোৰৰ যাদুকৰী আহিবোৰ দেখি তেওঁলোকে উচ্চ প্ৰশংসা কৰে৷ শিপিনীসকলে ভ্ৰমণকাৰী দলটোক অসমৰ হস্ততাঁত উদ্যোগৰ উৎকৃষ্টতা প্ৰদৰ্শন কৰে য’ত শিল্পীসকলৰ নিখুঁত প্ৰতিভা প্ৰতিফলিত হৈছে।

অসমত বিশ্বৰ দীৰ্ঘতম নদী ক্রুজ সেৱা ‘গংগা বিলাস’ জাহাজৰ আগমনৰ জৰিয়তে উত্তৰ-পূব ভাৰতৰ অভ্যন্তৰীণ জল পৰিবহণ খণ্ডত এক নতুন দিগন্তৰ সূচনা হোৱা বুলি কেন্দ্রীয় মন্ত্রী সৰ্বানন্দ সোণোৱালে ইতিমধ্যে অভিহিত কৰিছে।

চলিত বৰ্ষৰ ১৩ জানুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ফ্রেগ্‌ অফ্‌ কৰাৰ পাছত গংগা বিলাসে বাৰাণসীৰপৰা যাত্ৰা আৰম্ভ কৰিছিল আৰু ভাৰতৰ উত্তৰ প্ৰদেশ, বিহাৰ, ঝাৰখণ্ড, পশ্চিম বংগৰ লগতে বাংলাদেশৰ মাজেৰে ৩৯ দিনীয়া যাত্ৰা কৰি বিগত ১৭ ফেব্ৰুৱাৰীত অসমৰ ধুবুৰীত প্ৰৱেশ কৰিছিল ৷

পৃথিৱীৰ আটাইতকৈ দীঘল নদী ভ্রমণ হিচাপে অভিহিত হোৱা গংগা বিলাসৰ বাৰাণসীৰপৰা ডিব্ৰুগড়ৰ বগীবিল অভিমুখী যাত্ৰা এই মাহৰ শেষভাগত সম্পূৰ্ণ হোৱাৰ কথা আছে ।

Exit mobile version