Manish Sisodia And Satyendar Jain Resign From Arvind Kejriwal cabinet: অৰবিন্দ কেজৰিৱাল মন্ত্ৰীসভাৰ পৰা পদত্যাগ মনীষ চিছোদিয়া আৰু সত্যেন্দৰ জৈনৰ

WhatsApp Image 2023 02 28 at 19.33.17 2

Manish Sisodia And Satyendar Jain Resign From Arvind Kejriwal cabinet:

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিয়াল মন্ত্ৰীসভাৰ পৰা পদত্যাগ দুই কেবিনেট সতীৰ্থৰ ৷ কাৰাগাৰত বন্দী হৈ থকা আপৰ দুই জ্যেষ্ঠ নেতা তথা উপ-মুখ্যমন্ত্ৰী মনীষ চিছোদিয়া আৰু স্বাস্থ্যমন্ত্ৰী সত্যেন্দৰ জৈনে কেজৰিয়াল মন্ত্ৰী সভাৰ পৰা পদত্যাগ কৰিছে ।

ইতিমধ্যে দুই মন্ত্ৰীৰ পদত্যাগ পত্ৰ গ্ৰহণ কৰিছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে । উল্লেখ্য যে ,বিধানসভাৰ বিধি অনুসৰি দুবছৰ বা তাতকৈ অধিক দিন কোনো বিধায়ক কাৰাবন্দী হৈ থাকে ৷ তেন্তে তেনে বিধায়কৰ পদ খাৰিজ হোৱাৰ লগতে ছবছৰলৈ কোনো নিৰ্বাচনত ভাগ ল’ব নোৱাৰিব ৷

এনে প্ৰেক্ষাপটত মনীষ চিছোদিয়া আৰু সত্যেন্দৰ জৈনৰ কাৰাদণ্ড দুবছৰ হ’লে হেৰুৱাব লগা হ’ব পাৰে বিধায়কৰ আসন ৷

মনকৰিবলগীয়া যে , সুৰা নীতি প্ৰণয়ন আৰু কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত দুৰ্নীতিৰ অভিযোগত চিছোদিয়াক চিবিআইয়ে গ্ৰেপ্তাৰ কৰিছিল দেওবাৰে নিশা ।

Exit mobile version