World Hearing Day:তিনি মাৰ্চত ডাউন টাউন হাস্পতালৰ উদ্যোগত বিশ্ব শ্ৰৱণ দিৱস উদযাপন

WhatsApp Image 2023 03 01 at 17.31.40

World Hearing Day:

বিশ্ব শ্ৰৱণ দিৱস উপলক্ষে মহানগৰীৰ ডাউন টাউন হাস্পতালে অহা তিনি মাৰ্চত চিকিৎসালয় চৌহদত পুৱা ১০ বজাৰ পৰা দুপৰীয়া ২ বজালৈ এটা স্বাস্থ্য শিবিৰৰ আয়োজন কৰিছে ।

সেইদিনা ৬০ বছৰতকৈ অধিক বয়সৰ আৰু ৫ বছৰৰ তলৰ শিশুৰ বাবে বিনামূলীয়া পঞ্জীয়ন, নিদানিক পৰীক্ষা আৰু ইএনটি বিশেষজ্ঞৰ দ্বাৰা বিনামূলীয়া পৰামৰ্শ প্ৰদান কৰা হ’ব । লগতে অডিঅ’মেট্ৰিৰ ওপৰত ৫০% ৰেহাই আৰু শিবিৰত পৰামৰ্শ দিয়া অন্যান্য অনুসন্ধানত ২৫% ৰেহাই প্ৰদান কৰিব।

কাৰ্যসূচীটোৰ উদ্দেশ্য হৈছে সজাগতা বৃদ্ধি কৰা আৰু শ্ৰৱণ শক্তি হ্ৰাসৰ বাবে আগতীয়া চিনাক্তকৰণ আৰু হস্তক্ষেপৰ গুৰুত্বৰ প্ৰতি মনোযোগ আকৰ্ষণ কৰা।

Exit mobile version