Groom died on stage :
হৃদয়বিদাৰক ! মালা আদান প্ৰদানৰৰ পাছতেই বিয়াৰ মঞ্চতে মৃত্যুক সাৱটিলে দৰাই । বিহাৰৰ সীতামাঢ়ী জিলাত সংঘটিত হৈছে এই মৰ্মান্তিক ঘটনা । মৃতব্যক্তিজনৰ নাম সুৰেন্দ্ৰ কুমাৰ ।
আৰক্ষীয়ে জনোৱা অনুসৰি, বুধবাৰে বিবাহ অনুষ্ঠান আছিল । মালা আদান প্ৰদানৰ পৰ্ব শেষ হৈছে । মঞ্চৰ ঠিক কাষতে উচ্চস্বৰৰ বাজি আছিল ডিজে বক্স । সুৰেন্দ্ৰ সেই শব্দত অস্বস্তিবোধ কৰে ।
হঠাতে তেওঁ জ্ঞান হেৰুৱাই মঞ্চতে ঢলি পৰে । ইয়াৰ পাছতে তেঁওক ততাতৈয়াকৈ এখন চিকিৎসালয়লৈ লৈ যোৱা হয় য’ত চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে ।
সুৰেন্দ্ৰৰ পৰিয়ালৰ সূত্ৰই দাবী কৰে যে , কাণৰ কাষতে উচ্চ স্বৰত গান বজোৱাত আপত্তি জনাইছিল সুৰেন্দ্ৰই । কিন্তু কোনেও তেওঁৰ আপত্তি শুনিব বিচৰা নাই বুলি দাবী কৰে পৰিয়ালে।
ইয়াৰ পাছত, সুৰেন্দ্ৰ মঞ্চত মালা বিনিময় কৰিবলৈ উঠিল। মালা পিন্ধাৰ শেষত ফটো তোলাৰ পৰ্যায় চলি আছিল। ইফালে ডিজেটোও নিৰন্তৰ চলি আছিল।
ফটোখন পৰ্ব শেষ হোৱাৰ লগে লগে সুৰেন্দ্ৰই জ্ঞান হেৰুৱাই মঞ্চতে ঢলি পৰে । প্ৰথমে, তেওঁৰ জ্ঞান ঘূৰাবলৈ চেষ্টা কৰা হয় । কিন্তু একো নহ’ল, তেওঁক স্থানীয় চিকিৎসালয়লৈ লৈ যোৱা হয় ।
ইয়াৰ পাছত চিকিৎসকসকলে পৰীক্ষা কৰি সীতামাঢ়ীলৈ স্থানান্তৰিত হোৱাৰ পৰামৰ্শ দিয়ে । কিন্তু চিকিৎসালয়লৈ গৈ নোপোৱাৰ আগতেই তেওঁৰ মৃত্যু হয়। আৰক্ষীয়ে এই সন্দৰ্ভত ইতিমধ্যেই আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰিছে।