Dhirenpara Murder :মহানগৰীৰ ধীৰেনপাৰাত লোমহৰ্ষক হত্যাকাণ্ড

স্বামীৰ প্রহাৰত প্রাণ গ’ল পত্নীৰ

WhatsApp Image 2023 03 05 at 16.13.57

Dhirenpara Murder:

মহানগৰীৰ নুনমাটিৰ ডাবল মাৰ্ডাৰৰ চাঞ্চল্য মাৰ নোযাওতেই পুনৰ এক লোমহৰ্ষক হত্যাকাণ্ড সংঘটিত হয় ধীৰেন পাৰাত ৷ স্বামীৰ উপযুপৰি প্ৰহাৰ মৃত্যু হয় পত্নীৰ ৷ ঘটনা সংঘটিত কৰিয়েই পলায়ন কৰে পাষাণ স্বামী ৷

স্বামীৰ প্ৰহাৰত মৃত্যু হোৱা মহিলা গৰাকীৰ নাম চুফিয়া খাতুন আৰু হত্যাকাৰী স্বামীজনৰ নাম নুৰুল হক ৷
উল্লেখ্য যে, আজি দুই স্বামী – স্ত্ৰীৰ মাজত তৰ্কাতৰ্কি হৈ থকাৰ মাজতে হঠাতে পাষাণ স্বামী নুৰুল হকে চুফিয়াক উপযুপৰি প্ৰহাৰ কৰি পাছত চোকা অস্ত্ৰৰে আঘাত কৰে ৷

ফলত তেজেৰে তুমৰলি হৈ মজিয়াত পৰি থকা প্ৰত্যক্ষ কৰে ভাড়াঘৰৰ মালিকে ৷ মুমুৰ্ষ অৱস্থাত চুফিয়াক ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰে যদিও চিকিৎসাধীন অৱস্থাতে শেষ নিস্বাস ত্যাগ কৰে চুফিয়াই ৷

আনহাতে ঘটনা সংঘটিত কৰিয়ে পলায়ন কৰে ঘাতক স্বামী নুৰুল হকে ৷ ইতিমধ্যে ঘটনাস্থলীত গড়চুক আৰক্ষী উপস্থিত হৈ ঘটনাৰ তদন্ত আৰম্ভ কৰাৰ লগতে পলাতক স্বামীৰ সন্ধানত আৰম্ভ কৰিছে অভিযান ৷

Exit mobile version