Sualkushi Tatsilpa Unnayan Samiti :পাৱাৰলুম উৎপাদিত মেখেলা চাদৰ বিক্রীত অব্যাহত থকা নিষেধাজ্ঞা প্রত্যাহাৰ নকৰিব

বণিয়াৰ ওচৰত শিৰ নত নকৰিবলৈ আহ্বান ,শুৱালকুছি তাঁতশিল্প উন্নয়ন সমিতিৰ

WhatsApp Image 2023 03 11 at 18.17.58

Sualkushi Tatsilpa Unnayan Samiti:

পাৱাৰলুমৰ মেখেলা- চাদৰ গামোচা বিক্রীত আৰোপ কৰা নিষেধাজ্ঞা প্রত্যাহাৰৰ বাবে গুজৰাটৰ ব্যৱসায়ী গোষ্ঠীয়ে অসম চৰকাৰক হেঁচা দিয়াৰ সময়তে কোনোপধ্যে পুঁজিপতি বণিয়াৰ ওচৰত শিবনত নকৰিবলৈ আজি মুখ্যমন্ত্ৰীক আহ্বান জনাইছে শুৱালকুছি তাঁতশিল্প উন্নয়ন সমিতিয়ে।

উল্লেখ্য যে যোৱা পহিলা মাৰ্চৰ পৰা কাৰ্যকৰী হোৱাকৈ ৰাজ্য চৰকাৰে অসমত পাৱাৰলুমৰ উৎপাদিত বস্ত্ৰৰ বিক্ৰী নিষিদ্ধ ঘোষণা কৰিছে।

এই ঘোষণাৰ পাছতে গভীৰ অস্বস্তিত পৰা গুজৰাটৰ চুৰাটৰ ব্যবসায়ীসকলে ৰাজ্যিক বিজেপিৰ জৰিয়তে অসম চৰকাৰক এই নিষেধাজ্ঞা প্রত্যাহাৰ কৰিবলৈ হেঁচা প্ৰয়োগ কৰিছে।

সমান্তৰালকৈ ছুৰাটৰ বস্ত্ৰ ব্যৱসায়ীসকলে কেন্দ্রীয় হস্ততাঁত বস্ত্রশিল্প মন্ত্রীকো সাক্ষাৎ কৰি অসম চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্ত প্রত্যাহাৰ কৰিবলৈ হেঁচা দিয়াৰ বাবে অনুৰোধ জনাইছে।

ৰাজ্য চৰকাৰে নিষেধাজ্ঞা আৰোপ কৰাৰ পাছতো এতিয়া পাৱামৰ ব্যৱসায়ী মহলৰ ওচৰত অসম চৰকাৰে শিৰনত কৰাৰ ইংগিত পৰিস্ফুট হোৱাৰ লগে লগে শুৱালকুছি তাঁতশিল্প উন্নয়ন সমিতিয়ে আজি এক সংবাদমেলত অসম চৰকাৰৰ এই পদক্ষেপ ক্ষণস্থায়ী নহৈ দীর্ঘকালীনআৰু স্থায়ী হ’ব বুলি আশা প্ৰকাশ কৰে।

আজি ইয়াত এক সংবাদমেলত শুৱালকুছিৰ তাঁতশিল্প উন্নয়ন সমিতিৰ যুটীয়া সম্পাদক ড° নিহাৰ ৰঞ্জন কলিতাই কয় যে শুৱালকুছিত প্ৰায় ১৫ হেজাৰ তাঁতশালত প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে কমেও ৩০ হেজাৰ লোকে জড়িত হৈ আছে; কিন্তু পাৱাৰলুমৰ আগ্ৰাসনৰ লগে লগে শুৱালকুছিৰ তাঁত শিল্পই চৰম প্ৰত্যাহ্বানৰ সম্মুখীন হ’ব লগা হৈছে।

এফালে কেঁচামালৰ দাম বাঢ়িছে আৰু আনফালে কৰ-কাটলৰ বাবে কাপোৰৰ দাম বৃদ্ধি পোৱাৰ সূত্ৰে বিক্ৰী হ্ৰাস পাইছে। ইয়াৰ পূৰ্ণ সুযোগ গ্ৰহণ কৰি বজাৰত কম দামতে উভৈনদী হাৰত মেলি দিয়া হৈছে ছুৰাটত উৎপাদিত মেখেলা-চাদৰ ৷

শুৱালকুছিত উৎপাদিত বুলি আভুৱা ভাঁৰি চুৰাটৰ ব্যৱসায়ীসকলে অসমত প্ৰৱঞ্চনাৰে ব্যৱসায় অব্যাহত ৰখাত তাঁতশিল্প তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে। অসমৰ তাঁতশালত বোৱাৰ দৰেই অসমৰে চানেকিৰে বিদ্যুৎচালিত শালত কম খৰচী মেখেলা-চাদৰেৰে বজাৰ ভৰি পৰাত অসমৰ ১৬ লাখ শিপিনী গভীৰ সংকটৰ সন্মুখীন হৈছে ।

ড° কলিতাই এই প্রসংগত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাক উদ্দেশি আজি অনুৰোধ জনায় যে চুৰাটৰ ব্যৱসায়ীসকলৰ মর্মবেদনা উপলব্ধি কৰি যাতে মুখ্যমন্ত্ৰীয়ে অসমৰ শিপিনীসকলৰ দুখ পাহৰি নাযায়।

সংবাদমেলত উপস্থিত থকা সমিতিৰ আনজন যুটীয়া সম্পাদক বিপুল চন্দ্র বৈশ্যই কয় যে পাৱাৰ্লমত উৎপাদিত বস্ত্ৰ হস্তনির্মিত বুলি বহু সংখ্যক ব্যৱসায়ীয়ে গ্ৰাহকৰ চকুত ধূলি দি কাপোৰ বিক্ৰী কৰি অহাৰ বিষয়টো সন্দৰ্ভত সমিতিয়ে চিন্তা- চৰ্চা কৰি হস্তনির্মিত সকলো পাট-মুগাৰ মেখেলা-চাদৰ তথা বস্তুতে এতিয়াৰে পৰা শুৱালকুছিৰ ট্রেডমার্ক যুক্ত থ্রী ডি হলমার্ক, শিপিনীৰ ঠিকনা সম্বলিত বাৰকোড আৰু পাটৰ বস্ত্ৰৰ বিশুদ্ধতাৰ প্ৰমাণপত্ৰ সংলগ্ন হ’ব ৷

এতিয়াৰে পৰা এনে হলমার্ক চাইহে শুৱালকুছিৰ পাটৰ কাপোৰ ক্ৰয় কৰিবলৈ তেওঁ ৰাইজক আহ্বান জনায়। ইফালে, বৈশাই এই কথাও কয় যে শুৱালকুছিৰ বস্ত্ৰৰ আৰ্হিত ছুৰাটৰ পৰা অহা নকল বস্ত্ৰৰ বিক্ৰী অব্যাহত থাকিলে অসমত ১৬ লাখ শিপিনীৰ জীৱিকা বন্ধ হোৱাটো নিশ্চিত

তেওঁ কয় যে অসমৰ পাট-মুগাৰ শিল্পৰ সুৰক্ষাৰ বাবে পাৱাৰলুম উৎপাদিত বস্তুৰ নিষেধাজ্ঞা অব্যাহত ৰখাৰ বাবে উন্নয়ন সমিতিয়ে শীঘ্ৰে প্রধানমন্ত্রী নরেন্দ্র মোদীলৈয়ো পত্ৰ প্ৰেৰণ কৰিব।

শুৱালকুছি তাঁতশিল্প উন্নয়ন সমিতির সদস্য বলেন দাস, খনিন দাস, নয়ন কাকতি, গণেশ দেউৰী, অকুল দাস, দিলীপ বৈশ্য, বাবুল কলিতা, অলকেশ মেধিয়ে অংশগ্ৰহণ কৰা সংবাদমেলত সমিতিয়ে লগতে কয় যে ক’ভিডৰ সময়ৰে পৰা গুৱালকুছিৰ তাঁতশিল্প কঠিন প্ৰত্যাহ্বানৰ সম্মুখীন হৈছে। পূর্বে ১৫ হেজাৰ তাঁতশাল থকা শুৱালকুছিত এতিয়া প্ৰায় ১০-১১ হেজাৰ শালহে সক্ৰিয় হৈ আছে ।

সমিতিয়ে আৰু কয় যে ভাৰতত থকা ৩৬ লাখ শিপিনীৰ ভিতৰত অসমতে সর্বাধিক ১৬ লাখ শিপিনী আছে যদিও হস্ততাঁত বস্ত্ৰশিল্পৰ উপযুক্ততাৰ পৰীক্ষাৰ বাবে অসমত কোনো গৱেষণাগাৰ নাই।

অসমৰ পাটৰ কাপোৰ বুলি চুৰাটৰ মেখেলা চাদৰ বিক্ৰী কৰা ব্যৱসায়ীৰ বিৰুদ্ধে আৰক্ষীৰ ওচৰত অভিযোগ দিলে তেনে বস্ত্ৰ পৰীক্ষা কৰিবলৈ কলকাতালৈ প্ৰেৰণ কৰিবলগীয়া হয়।

গতিকে ইমান দীঘলীয়া পৰিক্ৰমাৰ বাবে আৰক্ষীয়েও অসাধু ব্যৱসায়ীৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্রহণ কৰিব নোৱাৰে। গতিকে অসমত জিলা ভিত্তিত এটাকৈ পৰীক্ষাগাৰ স্থাপন কৰিবলৈ সংগঠনটোৱে আজি মুখ্যমন্ত্ৰীক অনুৰোধ জনায়।

সংবাদমেলত তেওঁলোকে কয় যে মুখ্যমন্ত্ৰীয়ে অসমৰ ১৬ লক্ষাধিক খিলঞ্জীয়া শিপিনীৰ পক্ষত থিয় হৈ জাতীয় দায়িত্ব অক্ষুণ্ণ ৰাখিব বুলি শুৱালকুছিবাসী আশাবাদী।

Exit mobile version