Lat Mandal Arrested In Biswanath :
ঘোচ লৈ ইজনৰ পাছত সিজনকৈ চৰকাৰী কৰ্মচাৰী দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰাৰ পাছতো উৎকোচ ল’বলৈ এৰা নাই একাংশ লোভীয়া কৰ্মচাৰীয়ে ৷ এইবাৰ পুনৰ এজন ঘোচখোৰ লাট মণ্ডলক উৎকোচ লওতেই হাতেলোটে গ্ৰেপ্তাৰ কৰে দুৰ্নীতি নিবাৰক শাখাই৷
বিশ্বনাথ ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ত দুৰ্নীতি নিবাৰক শাখাই অৰ্তকিতে অভিযান চলাই লগন বাছোৱাৰ নামৰ এজন লাট মণ্ডলক গ্ৰেপ্তাৰ কৰে। ধৃত লগন বাচোৱাৰ বাঘমৰা মৌজাৰ ছয় নম্বৰ লাটৰ লাট মণ্ডল আছিল ৷
প্ৰাপ্ত খবৰ অনুসৰি বাঘমৰা মৌজাৰ অন্তৰ্গত লাওদলনীৰ ফুল মহম্মদ নামৰ এজন লোক এজনৰ মাটি নামজাৰী কৰি দিয়াৰ বিনিময়ত লাট মণ্ডল লগন বাচোৱাৰে তেওঁৰ পৰা দাবী কৰে সাত হেজাৰ টকা ।
উল্লেখ্য যে,ইয়াৰ পূৰ্বে মণ্ডলজনে নামজাৰি আবেদন অনলাইন যোগে কৰি দিয়াৰ বিনিময়ত লৈছিল পাঁচশ টকা ৷
আজি পুনৰ তিনি হেজাৰ টকা ফুল মহম্মদৰ পৰা লাট মণ্ডল লগন বাচোৱাৰে লওঁতেই পূবৰে পৰা খাপ পিটি থকা দুৰ্নীতি নিবাৰক শাখাই হাতে লোটে আটক কৰাৰ লগতে নথিপত্ৰ সমূহ পৰীক্ষা কৰিছে ৷আজি বিয়লী আটকাধীন লগন বাচোৱাৰক অধিক জেৰাৰ বাবে দুৰ্নীতি নিবাৰক শাখাই বিশ্বনাথৰ পৰা গুৱাহাটী অভিমুখে লৈ যোৱাৰ কথা ৷