National Rozgar Mela:গুৱাহাটী, শিলিগুৰি আৰু ডিমাপুৰত ৰোজগাৰ মেলা

দেশৰ ৭১ হাজাৰ যুৱক-যুৱতীক প্ৰধানমন্ত্ৰী মোডীয়ে ভিডিঅ’ কনফাৰেঞ্চৰ জৰিয়তে বিতৰণ কৰিলে নিযুক্তিপত্ৰ

WhatsApp Image 2023 04 13 at 1.35.02 PM 1

National Rozgar Mela:

কেন্দ্ৰীয় চৰকাৰে ৰোজগাৰ মেলাৰ জৰিয়তে দেশৰ প্ৰায় ৭১,৫০৬ হেজাৰ নিবনুৱাক ইতিমধ্যে নিযুক্তিৰ বাবে নিৰ্বাচিত কৰাৰ পাছত আজি পুৱা ১০-৩০ বজাত ভিডিঅ’ কনফাৰেঞ্চৰ জৰিয়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বিতৰণ কৰে নিযুক্তিপত্ৰ।

কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন বিভাগৰ কেতবোৰ পদত নিৰ্বাচিত প্ৰাৰ্থী সকলৰ মাজত বিতৰণ কৰাৰ বাবে দেশৰ ভিন্ন স্থানত অনুষ্ঠিত হয় ৰোজগাৰ মেলা।

সেই অনুসৰি উত্তৰ- পূৰ্বাঞ্চলৰ দুৱাৰ মুখ গুৱাহাটীৰ লগতে নগালেণ্ডৰ ডিমাপুৰ আৰু পশ্চিমবংগৰ জলপাইগুড়ি জিলাৰ সদৰ শিলিগুৰিত অনুষ্ঠিত হয় ৰোজগাৰ মেলা

উল্লেখ্য যে,প্ৰধানমন্ত্ৰীয়ে আনুষ্ঠানিকভাৱে দিল্লীৰ পৰা ভাৰ্জুৱেলী ৰোজগাৰ মেলা শুভাৰম্ভ কৰাৰ পাছতে গুৱাহাটীৰ মালিগাঁওৰ ৰং ভৱনত উত্তৰ-পূৱ সীমান্ত ৰে’লৱে আয়োজন কৰা ৰোজগাৰ মেলাত অংশ লৈ কেন্দ্ৰীয় জাহাজ,জল পৰিবহণ আৰু আয়ুস মন্ত্ৰণালয়ৰ মন্ত্ৰী সৰ্বানন্দ সোনোৱালে বিতৰণ কৰে নিযুক্তিপত্ৰ

নিযুক্তিপত্ৰ বিতৰণ অনুষ্ঠানত মুখ্য অতিথি ৰূপে উপস্থিত থাকি সৰ্বানন্দ সোণোৱালৰ ভাষণত কয় যে, আগন্তুক ২৫ বছৰত আত্মনিৰ্ভৰশীল ভাৰত গঢ়াৰ প্ৰধানমন্ত্ৰীৰ সপোন আছে ।

আজি ৯ বছৰত শক্তিশালী অৰ্থ ব্যৱস্থা গঢ় লৈ উঠিছে। বিশ্বৰ অৰ্থনৈতিক ব্যৱস্থাত এতিয়া ভাৰত পঞ্চম স্থান লাভ কৰিবলৈ সক্ষম হৈছে। এনেদৰে বিকাশ হৈ আগন্তুক দিনত অৰ্থনৈতিক দিশত ভাৰতবৰ্ষই তৃতীয় স্থান লাভ কৰিবলৈ সক্ষম হ’ব বুলি মন্তব্য কৰে।
মন্ত্ৰী গৰাকীয়ে নতুনকৈ নিযুক্তি লাভ কৰা সকলো যুৱক যুৱতীক সততা, নিষ্ঠাৰে, কঠোৰ পৰিশ্ৰম কৰাৰ আহ্বান কৰে।
অনুষ্ঠানত গুৱাহাটীৰ সাংসদ কুইন ওজা ,এন এফ ৰে’লৱেৰ মহাপ্ৰবন্ধক সহ বহু কেইগৰাকী জ্যেষ্ঠ বিষয়াবৰ্গ উপস্থিত থাকে ৷

আনহাতে নাগালেণ্ডৰ বাণিজ্যিক চহৰ ডিমাপুৰৰ ইমলিয়াঞ্জাৰ মে’মৰিয়েল চেন্টাৰত আয়োজিত ৰোজগাৰ মেলাত বিশিষ্ট অতিথি ৰূপে উপস্থিত থাকি কেন্দ্ৰীয় প্ৰাকৃতিক গেছ আৰু পেট্ৰলিয়াম ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে নিযুক্তি পত্ৰ বিতৰণ কৰাৰ বিপৰীতে পশ্চিমবংগৰ শিলিগুৰিত অনুষ্ঠিত ৰোজগাৰ মেলাত নিযুক্তিপত্ৰ প্ৰদান কৰে কেন্দ্ৰীয় গৃহ ৰাজ্যিক মন্ত্ৰী নিশিথ প্ৰমাণিকে।

উল্লেখ্য যে, ৰোজগাৰ মেলাত গুৱাহাটীত ২০৭,শিলাগুৰিত ২২৫ আৰু ডিমাপুৰত ২১৭ গৰাকী নিৱনুৱাক নিযুক্তি পত্ৰ প্ৰদান কৰা হয় ৷

Exit mobile version