Kidnap : নাবালিকা অপহৰণৰ ঘটনাৰ লগত জৰিত থকাৰ অভিযোগত গুৱাহাটীৰ হাতীগাৱঁৰ পৰা আটক এজনক

IMG 20230418 WA0036

Kidnap :

এগৰাকী নাবালিকাক অপহৰণ কৰি নি গুৱাহাটীৰ হাতীগাৱঁত পলাতক অবস্থাত থকা নাইমুল ইছলাম(হক) নামৰ (২৬) যুবকজন লংকা আৰক্ষীয়ে গুৱাহাটীৰ পৰা যোৱা নিশা আটক কৰিবলৈ সক্ষম হয়।

নাইমুলৰ ঘৰ হোজাইৰ ইছলাম নগৰত। হোজাইৰ অতিৰিক্ত আৰক্ষী অধীক্ষক পনজিৎ দুৱৰাই জানিবলৈ দিয়ামতে, নাইমুলে ইছলামে লংকাৰ উদালীৰ কছাৰী গাৱঁৰ পৰা এগৰাকী নাবালিকাক অপহৰণ কৰি নি গুৱাহাটীৰ হাতীগাৱঁৰ ভাড়াঘৰত আত্মগোপন কৰি আছিল।

এই সংক্ৰান্তত লংকা আৰক্ষী থানাত পঞ্জীভুক্ত গোচৰ নং ২১৬/২৩ মৰ্মে আৰক্ষীয়ে অভিযান চলাই গুৱাহাটীৰ পৰা নাবালিকা গৰাকীক উদ্ধাৰ কৰাৰ লগতে আটক কৰে নাইমুলক ইছলাম হকক।

বৰ্তমান নাৱালিকা গৰাকীক হোজাইৰ শিশু কল্যাণ কেন্দ্ৰত (CWC) ত ৰখাৰ লগতে আটকাধীন নাইমুলক ইছলাম শংকৰদেব নগৰ ন্যায়িক আদালতলৈ প্ৰেৰণ কৰা হৈছে।

Exit mobile version