Amritpal Singh : অৱশেষত গ্ৰেপ্তাৰ হ’ল পলাতক খালিস্তানি নেতা অমৃতপাল

1679506142 amritpal singhisi

Amritpal Singh :

৩৬ দিন পলাতক হৈ থকাৰ পাছত অৱশেষত আজি পঞ্জাৱৰ মোগা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে অমৃতপালক। অৱশ্যে, তেওঁৰ ঘনিষ্ঠ সূত্ৰই দাবী কৰে যে খালিস্তানি নেতাজনে নিজেই আৰক্ষীৰ ওচৰত ধৰা দিয়ে ।

অৱশ্যে, পঞ্জাৱ আৰক্ষীৰ মহাপৰিদৰ্শক শিখচেইন সিং গিলে কয়, ” আজি পুৱা প্ৰায় ৭.৪৫ বজাত মোগা ৰোড গাঁৱৰ পৰা অমৃতপালক গ্ৰেপ্তাৰ কৰা হয়।

ৰাষ্ট্ৰীয় সুৰক্ষা আইনৰ অধীনত তেওঁৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰা হৈছিল। এক গোপন সূত্ৰৰ জৰিয়তে আৰক্ষীয়ে গোটেই গাওঁখন ঘেৰাও কৰে। ফলত তেওঁৰ হাতত আন কোনো বিকল্প নাছিল । গতিকে তেওঁ আত্মসমৰ্পণ কৰিবলৈ বাধ্য হয় । “

আই জি গৰাকীয়ে জনাই যে গ্ৰেপ্তাৰ হোৱাৰ পাছতে, অমৃতপালক অসমৰ ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰলৈ প্ৰেৰণ কৰা হয় ।খালিস্তানি নেতা আৰু তেওঁৰ সহযোগীসকলক কাৰাগাৰলৈ অনাৰ পাছতে নিৰাপত্তা অধিক বৃদ্ধি কৰা হৈছে।

কাৰাগাৰৰ এজন বিষয়াই কয় যে তেওঁলোকে নিৰাপত্তাৰ ক্ষেত্ৰত কোনো ব্যৱধান এৰিব নিবিচাৰে। খলিস্তানীসকলক অনাৰ পাছৰে পৰা ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰখন বহুস্তৰীয় নিৰাপত্তাৰ অধীনত আৱৰি ৰখা হৈছে ।

খালিস্তানি নেতা আৰু তেওঁৰ সহযোগীসকলক ৰখা ঠাইত চিচিটিভি কেমেৰা আৰু শক্তিশালী চাৰ্চ লাইটৰ ব্যৱস্থা কৰা । কাৰাগাৰৰ সূত্ৰ অনুসৰি, চিআৰপিএফৰ উপৰিও কাৰাগাৰৰ নিৰাপত্তাৰ বাবে কমাণ্ডো বাহিনী মোতায়েন কৰা হৈছে।

Exit mobile version