Misophonia Symptoms Treatment :মাইচ’ফ’বিয়াত ভুগিছে নেকি ?

misophonia

Misophonia Symptoms Treatment :

জীৱাণুতংকত ভোগা বা এইবোৰক লৈ চিন্তাত থকা মানুহ হয়তো বহু পৰিয়ালতে থাকে। তেওঁলোকে সন্দেহত থাকে যে এতিয়াই চুৱা লাগিল, সকলোবোৰ অশুদ্ধ হৈ পৰিল। কথাই কথাই ভৰি ধোৱাৰ প্ৰৱণতা আৰু গংগাজলেৰে শুদ্ধি কৰাৰ প্ৰৱণতাও এনে লোকৰ মাজত প্রবলভাবে দেখা যায়।

সকলো সময়তে নাক কোঁচাই থাকে। হাত নোধোৱাকৈ খাদ্য নাখায়। সকলো সময়তে জীৱাণুনাশক পানীত নিজৰ হাত-ভৰি ডুবাই ৰাখিব বিচাৰে। এই ধৰণৰ মানুহেই আচলতে মাইচ ফ বিয়াত আক্রান্ত। এনে লোকে অৱশ্যে স্বীকাৰ নকৰে যে ই আচলতে একপ্ৰকাৰৰ ৰোগহে।

যিসকলৰ অৱছেছিভ কমপালছিভ ডিজ’ৰ্ডাৰ আছে, তেওঁলোক এই ধৰণৰ সমস্যাত বেছিকৈ আক্রান্ত হয়। ইয়াৰ উপৰি যি লোক দীৰ্ঘদিন ধৰি বিষণ্ণতাত ভুগি আছে বা পৰিয়ালত কাৰোবাৰ মানসিক সমস্যা আছে, তেওঁলোকৰ মাজতো এই ৰোগৰ আশংকা প্রবল।

সকলো সময়তে হাতত চেনিটাইজাৰ লৈ ফুৰাটো তেনে লোকৰ অভ্যাসত পৰিণত হয় যিকোনো স্থানৰ বাথৰুম ব্যৱহাৰ কৰিবলৈ নিবিচাৰে। ‘হাইজিন’ শব্দটোক কেন্দ্ৰ কৰিয়ে তেনে লোকে সকলো সময়তে চিঞৰ-বাখৰ কৰি থাকে।

এই সমস্যা হৈছে বুলি কেনেকৈ বুজিব ?

লেতেৰা দেখিলেই দূৰ হোৱা। ঘনাই হাত ধোৱাৰ অভ্যাস ৷ কাৰোবাক পোনেই স্পর্শ কৰিবলৈ নিবিচৰা। ভিৰ পৰিহাৰ কৰি চলা। সাধাৰণ কথাতে অস্বস্তিত ভোগা। নিজৰ ব্যৱহাৰ্য সামগ্রী ঘনাই ধোৱা।

চিকিৎসা:
যি লোকৰ এজমা বা সোনকালে সংক্ৰমণৰ সম্ভাৱনা আছে, তেওঁলোকৰ মাইচ’ফবিয়াত আক্ৰান্ত হোৱাৰ সম্ভাৱনাও অধিক। ইয়াৰ উপৰি এলাৰ্জিৰ প্ৰৱণতা থাকিলেও এই ৰোগ হয়। সৰুকে পৰা সু-অভ্যাস গঢ়ি তোলক। সকলো ধৰণৰ পৰিৱেশ পৰিস্থিতিৰ স’তে সহজ হ’ব পৰাকৈ নিজৰ শিশু সন্তানক গঢ়ি তোলক। ডাঙৰসকলৰ ক্ষেত্ৰত চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিব ।

Exit mobile version