Free Electricity:ভাৰাতীয়াও লাভ কৰিব ২০০ ইউনিট বিনামূলীয়া বিদ্যুৎ !

karnataka cm

Free Electricity:

কৰ্ণাটকৰ মুখ্যমন্ত্ৰী ৰূপে দায়িত্ব লোৱাৰ পাছতে ছিদ্দাৰামাইয়াই নিৰ্বাচনৰ পূৰ্বে নিৰ্বাচনী ইস্তাহাৰত দিয়া প্ৰতিশ্ৰুতি পালন কৰিবলৈ তেওঁৰ নতুন চৰকাৰ সাজু বুলি এখন সংবাদমেলত ঘোষণা কৰে ৷

কংগ্ৰেছে সদ্যসমাপ্ত বিধানসভা নিৰ্বাচনত দিয়া পাঁচটা গেৰাণ্টিৰ প্ৰতিশ্ৰুতি কাৰ্যকৰী কৰাৰ কথা ঘোষণা কৰিছিল। এতিয়াৰে পৰা কৰ্ণাটকবাসীয়ে ঘৰুৱা বিদ্যুৎ সংযোগৰ ক্ষেত্ৰত মাহে ২০০ ইউনিট বিনামূলীয়া বিদ্যুৎ লাভ কৰিব ।

মুখ্যমন্ত্ৰী ছিদ্দাৰামাইয়াই ঘোষণা কৰা অনুসৰি, ভাড়াগৃহত বাস কৰা ব্যক্তিয়েও ৰাজ্যখনত ২০০ ইউনিটৰ বিনামূলীয়া বিদ্যুতৰ সুবিধা ভোগ কৰিব।

বাংগালোৰত অনুষ্ঠিত এক সংবাদমেলত ছিদ্দাৰামাইয়া কেবিনেটৰ দ্বিতীয়খন বৈঠকত ৰাজ্য চৰকাৰখনে নিৰ্বাচনৰ ইস্তাহাৰত অন্তর্ভুক্ত কৰা পাঁচটা গেৰাণ্টিৰ প্ৰতিশ্ৰুতি চলিত বৰ্ষতে কার্যকৰী কৰাৰ সিদ্ধান্ত লয়।

মুখ্যমন্ত্ৰীজনে ঘোষণা কৰা অনুসৰি, অহা এক জুলাইৰ পৰা ৰাজ্যৰ সকলো বাসিন্দাক মাহে ২০০ ইউনিটৰ বিনামূলীয়া বিদ্যুৎ যোগান ধৰা হ’ব। অৱশ্যে এই আঁচনিৰ সুবিধা ভোগ কৰিবলৈ হ’লে ৰাজ্যবাসীয়ে আঁচনিৰ অধীনত নিজৰ নাম পঞ্জীয়ন কৰাব লাগিব ৷

Exit mobile version