Guwahati :এজাক বৰষুণতেই ডুব যোৱা মহানগৰীত

বাতিল হ'ল কে'বা খনো শিক্ষানুষ্ঠানৰ পৰীক্ষা

artificial flood

 Guwahati :

 এজাক মুষলধাৰ বৰষুণত ডুব যোৱা উত্তৰ পূৰ্বাঞ্চলৰ দুৱাৰ মুখ স্বৰূপ গুৱাহাটী মহানগৰ সকলোৰে বাবে আভিজাত্যৰ চহৰ বুলি কোৱা হয় যদিও কাৰ্যত: গুৱাহাটী এতিয়া হৈ পৰিছে মৰণফান্দ

খোদ দিছপুৰ ৰাজধানী ক্ষেত্ৰৰ নাতি দুৰতে থকা কেইবাটাও অঞ্চলত বৃহস্পতিবাৰে নিশা অহা এজাক বৰষুণতে সৃষ্টি হয় কৃত্ৰিম বানৰ ৷ ৰুক্মিনীগাওঁ,হাতীগাঁৱৰ লগতে বেলতলাৰ একাংশ অঞ্চল হৈ পৰে জলমগ্ন

চলিতবৰ্ষৰ প্ৰথমটো কৃত্ৰিম বানৰ কবলত পৰা মহানগৰখনৰ বহু অঞ্চলবাসীৰ অৱস্থা নাজলনাথল হৈছে ৷ পৰিস্থিতি এনেকুৱা হৈছেগৈ খোদ দিছপুৰস্থ জনতা ভৱনৰ সমীপস্থ কে’বা খনো বিদ্যালয়ৰ পৰীক্ষা বাতিল কৰা হয় শণিবাৰে ৷

বিদ্যালয়ৰ চৌহদত একাঠু পৰ্যন্ত পানী হোৱাৰ লগতে শ্ৰেণী কোঠাটো পানী ৷ পুৱাতে পানী খচকি বিদ্যালয়লৈ ছাত্ৰ-ছাত্ৰী
সকল আহিল থিকেই। কিন্তু শ্ৰেণী কোঠাত বহি পৰীক্ষা দিয়াৰ পৰিবেশ নাছিল ৷

সকলোতে পানী আৰু পানী ৷ যাৰবাবে বিদ্যালয়ৰ কৰ্তৃপক্ষই পৰীক্ষা বাতিল কৰিবলৈ বাধ্য হয় প্ৰতিকুল পৰিস্থিতিৰ বাবে ৷
আনহাতে আজি পুৱাৰে পৰা দি থকা কিনকিনিয়া বৰষুণ যদি আগন্তুক দিন কেইটাক অব্যাহত থাকে ৷ তেন্তে পৰীক্ষা শীৰ্ঘেই হোৱাৰ সম্ভাৱনা নাই ৷ পৰীক্ষা কিমান দিনলৈ বাতিল কৰা হ’ব সেই সম্পৰ্কে কোনো নিশ্চয়তা নাই ।

Exit mobile version