Transportation Tax : সৰ্ব সাধাৰণ জনতাৰ ওপৰত পুনৰ ৰামটাঙোন

বৰ্ধিত হাৰত বৃদ্ধি হ'ব পৰিবহণ কৰ

vehicle tAX

Transportation Tax :

ৰাজ্যৰ নিৰ্মাণ সামগ্ৰী আৰু খাদ্য সামগ্ৰীৰ আকাশলংঘী মূল্য বৃদ্ধিয়ে ৰাইজক জ্বলাকলা খোৱাই থকাৰ মাজত এইবাৰ ভুতৰ ওপৰত দানহ পৰাৰ দৰে সাধাৰণ জনতাৰ মূৰত পুনৰ ৰামটাঙোন চৰকাৰৰ ৷

ব্যাপক হাৰত বৃদ্ধি কৰা হৈছে পৰিবহণ কৰ। ইতিমধ্যে ৰাজ্য চৰকাৰে অধ্যাদেশ জাৰি কৰি বৃদ্ধি কৰিলে নতুন গাড়ীৰ পঞ্জীয়ন মাচুল। এনে প্ৰেক্ষাপটত এতিয়াৰে পৰা তিনি লাখ টকালৈকে চাৰিচকীয়া বাহনত দিব লাগিব ৪.৫% কৰ।

সেই অনুসৰি তিনিৰ পৰা ১০লাখ টকীয়া বাহনত এতিয়াৰ পৰা ভৰিব লাগিব ৭
সাত শতাংশ কৰ। আনহাতে ১০ৰ পৰা ২০ লাখ টকীয়া বাহনত দিব লাগিব ১০ শতাংশ কৰ। একেদৰে ২০ লাখতকৈ অধিক মূল্যৰ বাহনত দিব লাগিব ১৪ শতাংশ কৰ।

ইফালে দুচকীয়া বাহনৰ পঞ্জীয়নৰ ক্ষেত্ৰতো চৰকাৰে বৃদ্ধি কৰিলে বৰ্ধিত কৰ। সেই অনুসৰি এক লাখ টকাৰ মটৰ চাইকেলত ছয় শতাংশ কৰ দিয়াৰ বিপৰীতে একৰ পৰা তিনি লাখ টকীয়া মটৰ চাইকেলত দিব লাগিব আঠ শতাংশ কৰ।

আনহাতে তিনি লাখৰ ওপৰৰ মটৰ চাইকেলত দিব লাগিব ন শতাংশ কৰ । এইদৰে এতিয়া সৰ্বসাধাৰণ টেটু চেপা দিছে চৰকাৰে ৷

Exit mobile version