Lakhi prasad Goswami :১ আগষ্টত সত্ৰীয়া সংস্কৃতিৰ অন্যতম সাধক , গণিতজ্ঞ লক্ষ্মী প্ৰসাদ দেৱগোস্বামীৰ স্মৃতি চাৰণ সভা

lakh iprasad goswami

Lakhi prasad Goswami :

বিগত বৰ্ষৰ ১ আগষ্টত দুৰ্ঘটনাত পতিত হৈ আকস্মিক ভাৱে মৃত্যু বৰণ কৰা পশ্চিম শিলপুখুৰী আদৰ্শ উচ্ছতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ,সত্ৰীয়া সংস্কৃতিৰ অন্যতম সাধক , গণিতজ্ঞ লক্ষ্মী প্ৰসাদ দেৱ গোস্বামীৰ স্মৃতিত অহা এক আগষ্টত শ্ৰী শ্ৰী নৰোৱা কুজিসত্ৰৰ বাসগৃহত স্মৃতিচাৰণ আৰু বছেৰেকীয়া শ্ৰাদ্ধানুষ্ঠানৰ আয়োজন কৰা হৈছে ৷

অবিভক্ত নগাওঁ জিলাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেবৰ কৃষ্টি-সংস্কৃতিৰ বিভিন্ন অনুষ্ঠান- প্ৰতিষ্ঠানৰ লগত ওতঃপ্ৰোত ভাবে জড়িত লক্ষ্মী প্ৰসাদ দেৱ গোস্বামী একাধাৰে গায়ন, বায়ন,নাম লগোৱা,নৃত্য বিশাৰদ, সু-অভিনেতা আৰু এজন নিপুন খনিকৰ হিচাপে সমাজৰ সকলো শ্ৰেণীৰ লোকৰে সমানে অতি প্ৰিয় আছিল ৷

সেইদিনা পুৱা শিক্ষক- শিক্ষয়িত্ৰী, ছাত্ৰ -ছাত্ৰী আৰু সত্ৰ খনৰ ৰাইজৰ উপস্থিতিত বন্তি প্ৰজ্বলন কৰিব প্ৰয়াত দেৱ গোস্বামীৰ মাতৃ কনকলতা গোস্বামী আৰু পত্নী দীপ্তি মহন্ত গোস্বামীয়ে ৷

অনুষ্ঠানত শ্ৰী শ্ৰী নৰোৱা কুজিসত্ৰৰ থান পৰিচালনা সমিতি, শ্ৰী শ্ৰী নৰোৱা কুজিসত্ৰৰ যুৱক সংঘ, নগাওঁ আৰু মৰিগাও জিলা সত্ৰ মহাসভা,কুজিসত্ৰ সৌমাৰ সংঘ , শ্ৰীশ্ৰী মাধবদেৱ পুথিভৰাল, জিলাৰ ছাত্ৰ-যুৱ বিভিন্ন দল-সংগঠন, অনুষ্ঠান- প্ৰতিষ্ঠানে অংশ গ্ৰহণ কৰিব ৷

দুপৰীয়া হ’ব লগা নাম প্ৰসংগত নামাচাৰ্য শ্ৰী শ্ৰী নতুন ভোগবাৰী শলগুৰি সত্ৰৰ সত্ৰাধিকাৰ লীলা দেৱ মহন্ত ৷ সন্ধিয়া  ছয় বজাৰ পৰা হ’ব লগা ঐতিহাসিক ৰাষ্ট্ৰীয় খ্যাত দৰঙৰ ওজাপালি অনুষ্ঠান মুকলি কৰিব অসম সত্ৰ মহাসভাৰ সম্পাদক প্ৰধান কুসুম কুমাৰ মহন্তই ৷

২ আগষ্টত সমূহীয়া ভোজনৰ আয়োজন কৰা হৈছে ৷ তদুপলক্ষে সেই দুয়ো দিনৰ কাৰ্যসূচীত উপস্থিত থকাৰ বাবে পৰিয়াল আৰু উদ্যোক্তা সকলে বিনম্ৰতাৰে ৰাইজলৈ অনুৰোধ জনাইছে ৷

Exit mobile version