Bhupen Bora:হিন্দু ধৰ্মৰ উপাস্য দেৱতা শ্ৰীকৃষ্ণ সন্দৰ্ভত বিতৰ্কিত মন্তব্য কৰি শলঠেকত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা

যিকোনো মূহুৰ্তত গ্ৰেপ্তাৰ হ'ব পাৰে কংগ্ৰেছ নেতা গৰাকী !

bhupen bora

Bhupen Bora:

:কথাত কটা যায় ,কথাত বঁটা পায় ৷ এই আপ্ত বাক্য শাৰি প্ৰযোজ্য হৈছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ ক্ষেত্ৰত ৷ বহুবল্কী নেতাজনে বৃহস্পতিবাৰে লাভ জেহাদৰে মহাভাৰতৰ ব্যাখ্যা দাঙি ধৰাৰ উপৰি শ্ৰীকৃষ্ণ ৰুক্মিণী সন্দৰ্ভত কৰিছিল বিতর্কিত মন্তব্য।

ছদ্মনাম লৈ ভগৱান শ্ৰীকৃষ্ণই ৰুক্মিণীৰ প্ৰেমত পৰিছিল বুলি মন্তব্য প্ৰকাশ কৰিছিল ৷ ইয়াৰ পাছতে ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। কেইবা গৰাকী সত্ৰাধিকাৰ সহ ভকত- বৈষ্ণৱে বৰাৰ বক্তব্যক ধিক্কাৰ দিয়ে ৷

আনকি বঙাইগাঁওত মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই কোনোবাই গোচৰ তৰিলে ভূপেন বৰা গ্ৰেপ্তাৰ হ’ব বুলিও ইংগিত দিয়ে ৷

আনফালে বিজেপিৰ যুৱ মৰ্চাই ৰাজ্যজুৰি থানাই গোচৰ তৰা কাৰ্যসূচী ঘোষণা কৰাৰ পাছত আজি হোজাইৰ লংকাত সচেতন লোক এজনে হিন্দু ধৰ্মৰ অনুভূতিক আঘাত অনাৰ অভিযোগ আনি আজি গোচৰ তৰে থানাত ৷

লাভ জেহাদ সন্দৰ্ভত বিতৰ্কিত মন্তব্য কৰা অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ বিৰুদ্ধে এজাহাৰ দাখিল ৷ বিজেপি যুৱ মৰ্চা মহানগৰ জিলা সমিতিয়ে পাণবজাৰ থানাত দাখিল কৰে এজাহাৰ

শেহতীয়া খবৰ অনুসৰি থৰকাচুটি হেৰুৱাইছে কংগ্ৰেছ নেতা ভূপেন বৰাই ৷ নিজৰ মন্তব্যৰ বাবে অনুতপ্ত বুলি অনুভৱ কৰা বুলি ক্ষমা বিচাৰিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন বৰাই।

এই সন্দৰ্ভত বৰাই কয়,মুখ্যমন্ত্ৰীলৈ মই ভয় কৰা নাই।’ সপোনত ককাদেউতাকে তেওঁ কৰা ভুলৰ বাবে ৰাইজৰ ওচৰত ক্ষমা খুজিবলৈ কৈছে। ‘দুটা অলাগতিয়াল কথা কোৱাৰ বাবে ককাই নামঘৰলৈ যাবলৈ কৈছে।’

আনহাতে এগৰাকী সত্ৰাধিকাৰে তেওঁক নামঘৰলৈ প্ৰৱেশ কৰাত বাধা দিয়াক লৈ তেওঁ কয় ‘বেছি বেয়া লাগিছে যেতিয়া এজন সত্রাধিকাৰে মোক নামঘৰলৈ যাবলৈ বন্ধ কৰিব দিছে।’ সেয়ে উক্ত ভুলৰ বাবে তেওঁ ক্ষমা বিচৰা বুলি মন্তব্য কৰে।

মই দুৰাচাৰ কেৱল তোমাৰ’শীৰ্ষক প্ৰাৰ্থনাৰে নিজৰ ভুলৰ ক্ষমা বিচাৰিছে। লগতে বৰাই কয় যে ‘লাভ জেহাদত শ্ৰীকৃষ্ণক সাঙুৰি অনাতো মোৰ ডাঙৰ ভুল আছিল।’যাৰবাবে আজি মই অনুতপ্ত ৷

লাভ জেহাদ সন্দৰ্ভত বিতৰ্কিত মন্তব্য কৰা ভূপেন বৰাক আক্ৰমণ জলসম্পদ মন্ত্ৰী পীযূষ হাজৰিকাৰ৷ অধমৰ কোনো ক্ষমা নাই বুলি মন্তব্য পীযূষ হাজৰিকাৰ  ৷

একেদৰে ‘ভূপেন বৰাই শাস্ত্ৰৰ কথা কৈ থকাতকৈ সত্ৰত ভকত হৈ থাকক’৷ প্ৰাৰ্থনা গাই ক্ষমা খোজাৰ পাছতেই ভূপেন বৰাক উভতি ধৰিলে ৰাণা গোস্বামীয়ে
আনহাতে অসম বিধানসভাৰ উপাধ্যক্ষ ডা: নোমল মুমিনে ‘ভূপেন বৰাৰ বক্তব্যই ভাৰতীয় সভ্যতা-সংস্কৃতিক অপমান কৰিছে’৷

‘আমি ক্ষমা কৰিব নোৱাৰো, শ্ৰীকৃষ্ণই হে কৰিব পাৰিব’৷ ভূপেন বৰাই ক্ষমা খোজাৰ পাছতেই এই প্ৰতিক্ৰিয়া প্ৰকাশ লখিমপুৰৰ বিধায়ক মানৱ ডেকাৰ

Exit mobile version