China Opposes Sanskrit Phrase ‘Vasudhaiva Kutumbakam’ In G-20 Document: জি-২০ নথিপত্ৰত ভাৰতে সংস্কৃত বাক্যাংশ ‘বসুধৈৱ কুটুম্বকম’ৰ ব্যৱহাৰ কৰাত বিৰোধিতা ৰঙা চীনৰ

'পৃথিৱী এটা পৰিয়াল' বুলি অনুবাদ কৰা বসুধৈৱ কুটুম্বকম'ক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰসংঘকে ধৰি বিভিন্ন মঞ্চত দিয়া ভাষণত নিয়মীয়াকৈ ব্যৱহাৰ কৰি আহিছে

g20 1

China Opposes Sanskrit Phrase ‘Vasudhaiva Kutumbakam’ In G-20 Document:

ৰাষ্ট্ৰীয় সংবাদ গোষ্ঠী ‘ইণ্ডিয়া টুডে’ত বুধবাৰে প্ৰকাশ কৰা বাতৰি অনুসৰি চীনে সংস্কৃত বাক্যাংশ ‘বসুধৈৱ কুটুম্বকম’ক জি-২০ নথিত অন্তৰ্ভুক্ত কৰাৰ বিৰোধিতা কৰিছে ।

উল্লেখ্য যে,’বিশ্ব এটা পৰিয়াল’ হিচাপে অনুবাদ কৰা ‘বসুধৈৱ কুটুম্বকম’ক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰসংঘকে ধৰি বিভিন্ন মঞ্চত দিয়া ভাষণত নিয়মীয়াকৈ ব্যৱহাৰ কৰি আহিছে ।

মনকৰিবলগীয়া যে,চীনে এই সংস্কৃত বাক্যাংশৰ ব্যৱহাৰত আপত্তি জনাই যুক্তি দিছে যে ইয়াক ৰাষ্ট্ৰসংঘৰ দ্বাৰা স্বীকৃতি দিয়া হোৱা নাই, য’ত আৰবী, চীনা, ইংৰাজী, ফৰাচী, ৰাছিয়ান আৰু স্পেনিছ ভাষা ইয়াৰ চৰকাৰী ভাষা হিচাপে বিবেচিত হৈ আছে ।

উল্লেখ্য যে,বেইজিঙে যোৱা মাহৰ জি-২০ শক্তি মন্ত্ৰালয়ৰ বৈঠক আৰু অন্যান্য গোটৰ নথিপত্ৰৰ সৈতে সম্পৰ্কিত নথিপত্ৰত এই বাক্যাংশটো ব্যৱহাৰ কৰাত আপত্তি কৰিছিল।

সূত্ৰসমূহে ইণ্ডিয়া টুডেক কৈছিল যে চীনে এই সংস্কৃত বাক্যাংশৰ আনুষ্ঠানিক অনুমোদনৰ বিৰোধিতা প্ৰকাশ কৰিছিল । ফলস্বৰূপে অন্তিম জি-20 দস্তাবেজত কেৱল বাক্যাংশটোৰ ইংৰাজী অনুবাদ আছিল – ‘এক পৃথিৱী, এক পৰিয়াল, এক ভৱিষ্যত’। অৱশ্যে, এই বাক্যাংশটো জি-২০ সন্মিলনৰ সৈতে জড়িত সকলো নথিপত্ৰৰ লোগো আৰু লেটাৰহেডত ৰখা হৈছে।

সূত্ৰসমূহে কৈছিল যে চীনে এই বাক্যাংশটো অন্তৰ্ভুক্ত কৰাৰ ক্ষেত্ৰত অকলশৰীয়া আপত্তিকাৰী হিচাপে থিয় দিছিল কিয়নো কেইবাখনো ৰাষ্ট্ৰই জি-২০ৰ বৰ্তমানৰ অধ্যক্ষৰ দৰে বিষয়ত সিদ্ধান্ত লোৱাৰ বাবে ভাৰতক অধিকাৰ দিছিল। ভাৰত হৈছে জি-২০ৰ বৰ্তমানৰ অধ্যক্ষ ৷ জি-২০ চূড়ান্ত সন্মিলন ৯ আৰু ১০ ছেপ্টেম্বৰত অনুষ্ঠিত হ’ব ভাৰতত ৷

উল্লেখযোগ্য,২০২০ চনৰ মে মাহত পূব লাডাখত সীমান্ত সংঘৰ্ষৰ পিছত দুয়োখন চুবুৰীয়া দেশৰ মাজত দ্বিপাক্ষিক সম্পৰ্কত ব্যৱধান বৃদ্ধি পায় ৷ তাৰে প্ৰতিফলন হৈছে জি-২০ নথিত সংস্কৃত বাক্যাংশৰ ওপৰত চীনৰ আপত্তি ।

আনহাতে চলিত বৰ্ষৰ মে মাহত বেইজিঙে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত পাকিস্তান ভিত্তিক জইছ-ই মহম্মদ (জেইএম)ৰ দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী আব্দুল ৰউফ আজহাৰক ব্লেকলিষ্ট কৰাৰ ভাৰতৰ প্ৰস্তাৱত আপত্তি জনাইছিল।

স্মতৰ্ৱ্য যে,জইছ-ই-মহম্মদৰ মুৰব্বী মাছুদ আজহাৰৰ ভাতৃ আব্দুল ৰফে ১৯৯৯ চনত ইণ্ডিয়ান এয়াৰলাইনছৰ বিমান আইচি৮১৪ অপহৰণ, ২০০১ চনত সংসদত হোৱা আক্ৰমণ আৰু ২০১৬ চনত পাঠানকোটত আইএএফ ঘাটি লক্ষ্য কৰি লোৱাকে ধৰি ভাৰতত অসংখ্য সন্ত্ৰাসবাদী আক্ৰমণৰ পৰিকল্পনা আৰু কাৰ্যকৰী কৰণত জড়িত আছিল।

তাৰ পাছতো কিন্ত মৌন আছিল ৰঙা চীন ৷ পাকিস্তানৰ অৰ্থনীতিক নিজৰ হাতৰ মুঠিত ৰাখি সৰ্বসাধাৰণ পাকিস্তানী জণগণক সৰ্বস্বান্ত কৰিবলৈ পাকিস্তানী চৰকাৰৰে গোপন সম্পৰ্ক গঢ়ি তোলা চীনৰ এই কাৰ্যৰ বিৰুদ্ধে ইতিমধ্যে পাক অধিকৃত কাশ্মীৰ আৰু বালুচিস্তান প্ৰদেশত প্ৰতিবাদৰ ঢৌ উঠিছে ৷

Exit mobile version