Adabari Deadboy Recovered:মহানগৰীৰ আদাবাৰীত জাৱৰৰ দ’মৰ মাজত যুৱকৰ মৃতদেহ উদ্ধাৰ

adabari

Adabari Deadboy Recovered:

মহানগৰীৰ সদাব্যস্ত আদাবাৰীত চাঞ্চল্যকৰ ঘটনা । আদাবাৰীস্থ কেন্দ্ৰীয় জল আয়োগৰ কাৰ্যালয়ৰ সমীপৰ জাৱৰৰ দ’মৰ মাজত উদ্ধাৰ হয় এজন যুৱকৰ মৃতদেহ

পাছত আৰক্ষীয়ে যুৱকজনক আদাবাৰী শংকৰ নগৰৰ নিৱাসী সিদ্ধাৰ্থ দাস বুলি চিনাক্ত কৰে ।

প্ৰাপ্ত খবৰ অনুসৰি ৩০ বছৰীয়া যুৱকজন কিছুদিন পূৰ্বে নিচামুক্তি কেন্দ্ৰত চিকিৎসা লৈ সুস্থ হৈ ঘৰলৈ উভতি আহিছিল আহিছিল ৷

কিন্ত দেওবাৰে নিশা ঘৰৰ পৰা ওলাই গৈছিল যদিও উভতি অহা নাছিল ঘৰলৈ যুৱকজন।

অৱশেষত স্থানীয়লোকে সোমবাৰে জাৱৰ পেলাবলৈ আহি প্ৰত্যক্ষ কৰে এজন যুৱকৰ মৃতদেহ। ইয়াৰ পাছত হুৱাদুৱা লাগে অঞ্চলটোত ৷ ইতিমধ্যে ঘটনাস্থলীত জালুকবাৰী আৰক্ষী উপস্থিত হৈ চৰজমিন তদন্ত আৰম্ভ কৰাৰ লগতে মৰনোত্তৰ পৰীক্ষাৰ বাবে মৃতদেহ প্ৰেৰণ কৰে গুৱাহাটী চিকিৎসালয় মহাবিদ্যালয় হাস্পতাললৈ।

Exit mobile version