CBI Arrests Guwahati Businessman Pravesh Cabra :ৰে’লত চোৰাংকৈ সামগ্ৰী সৰবৰাহ কাণ্ডৰ স’তে জড়িত

দীর্ঘদিনে পলাই থকা গুৱাহাটীৰ ব্যৱসায়ী প্ৰভেশ কাব্ৰা চিবিআইৰ জালত

kabara

CBI Arrests Guwahati Businessman Pravesh Cabra:

ৰে’লত চোৰাংকৈ সামগ্ৰী সৰবৰাহৰ অভিযোগত দীর্ঘদিনে পলাই থকা গুৱাহাটীৰ ব্যৱসায়ী প্ৰভেশ কাব্ৰা অৱশেষত চিবিআইৰ জালত ৷

বিনায়ক লজিষ্টিক ইণ্ডিয়া প্রাইভেট লিমিটেডৰ সঞ্চালক প্রভেশ কাব্রাৰ ঘৰ মহানগৰীৰ ফাঁচীবজাৰত ৷

উল্লেখ্য যে,ৰে’লত চোৰাংকৈ সামগ্ৰী সৰবৰাহৰ ফলত ৰে’ল বিভাগে হেৰুৱাবলগীয়া হৈছিল প্ৰায় ৫.১৪ কোটি টকা ৷ যাৰবাবে বিভাগীয়ভাবে গোচৰ ৰজু হৈছিল চিবিআইত।

পৰৱৰ্তী সময়ত চিবিআইৰ অভিযান চলাই থকাৰ মাজতে প্রভেশ কাব্রাই সংগোপনে পলায়ন কৰে আমেৰিকালৈ ৷

উল্লেখযোগ্য ,কাব্ৰা পলায়নৰ পাছতে ইন্টাৰপলক অৱগত কৰিছিল চিবিআই-এ । যাৰবাবে ইন্টাৰপলে বিশেষ সূত্ৰৰ পম খেদি যুক্তৰাষ্ট্ৰত বাহৰ পাতি থকা অৱস্থাতে গ্ৰেপ্তাৰ কৰি বাংগালুৰুলৈ বিমানৰে লৈ আনিছিল ৷

চিবিআই- এ চোৰাংকৈ সামগ্ৰী সৰবৰাহৰ অভিযোগত কাব্ৰাৰ বিৰুদ্ধে ইতিমধ্যে কে’বাটাও গোচৰ ৰজু কৰি অধিক তথ্যৰ বাবে জেৰা চলাইছে ৷

Exit mobile version