Inauguration Programme OF Maligaon Nilachal Flyover:অৱশেষত অপেক্ষাৰ অন্তত মুকলি হ’ল ৰাজ্যৰ ভিতৰত দীৰ্ঘতম নীলাচল উৰণ সেতু

চাৰিলেনযুক্ত সেতুখন মুকলি কৰে ড:হিমন্ত বিশ্ব শৰ্মাই, মুম্বাইৰ সাগৰ সংযোগী দলঙতকৈ বেছি ধুনীয় হ'ব গুৱাহাটী–উত্তৰ গুৱাহাটী সংযোগী দলং: মুখ্যমন্ত্ৰী

hbs1

Inauguration Programme OF Maligaon Nilachal Flyover:

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বুধবাৰে বিয়লি আনুষ্ঠানিকভাৱে মুকলি কৰে মালিগাঁৱৰ নীলাচল উৰণীয়া সেতু ।

উৰণীয়া সেতু খন মুকলি কৰাৰ পাছত এই উপলক্ষে অয়োজিত মুকলি সভাত মুখ্যমন্ত্ৰী গৰাকীয়ে ভাষণত উল্লেখ কৰে যে চৰকাৰে বিজত ২০২০-২১ বৰ্ষতে মালিগাঁৱত এখন উৰণ সেতু নিৰ্মাণৰ বাবে সিদ্ধান্ত লোৱা হৈছিল ৷ আৰু অৱশেষত আজি বহু প্ৰতিক্ষিত সেতু খন ৩৫ মাহৰ ভিতৰত সম্পূৰ্ণ হৈ উঠিল ৷

মুখ্যমন্ত্ৰীয়ে উৰণীয়া সেতু খনৰ নিৰ্মাণৰ স’তে জড়িত থকা প্ৰত্যেকগৰাকীয়ে অসমৰ লোক বুলি উল্লেখ কৰি কয়,এই নতুন সেতুৱে মালিগাঁৱৰ দীৰ্ঘদিনীয়া যানজঁটৰ সমস্যা ওৰ পেলাবলৈ সক্ষম হ’ব ৷

আনহাতে মুখ্যমন্ত্ৰীয়ে সদৰি কৰে যে,বিমানবন্দৰৰ টাৰ্মিনেল নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰাৰ সমান্তৰালভাৱে ধাৰাপুৰৰ পৰা ছয়লেনযুক্ত পথ, দীপৰ বিলৰ সন্মুখত ৰটাৰী নিৰ্মাণ, ভৰলুমুখৰ ৰে’ল ক্ৰছিঙৰ ওপৰত এখন উৰণীয়া সেতু, ৰাজীৱ ভৱনৰ সন্মুখত উৰণীয়া সেতু নিৰ্মাণৰ পৰিকল্পনা কৰা হৈছে ৷

সকলো ঠিকে থাকে হ’লে ২০২৪ ৰ দূৰ্গাপূজা পূৰ্বেই সম্পূৰ্ণ হৈ উঠিব গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ মাজত নিৰ্মাণ কৰা দলং খন ৷ পূজাৰ পূৰ্বেই ৰাইজৰ বাবে মুকলি কৰা হ’ ব দলংখন ৷ মুম্বাইৰ সাগৰীয় সংযোগী ব্ৰীজতকৈ গুৱাহাটী- উত্তৰ গুৱাহাটীৰ ব্ৰীজ বেছি আটকধুনীয়া কৰা হ’ব ৷

জু-ৰোডত নিৰ্মাণধীন শ্ৰদ্ধাঞ্জলী উৰণীয়া সেতু খন আগন্তক দুৰ্গা পূজাৰ পঞ্চমীৰ দিনা মুকলি কৰা হ’ব বুলি উল্লেখ কৰে ৷ তদুপৰি নাৰেংগী আৰু কুৰুৱা মাজত এখন নতুন সেতু আৰু বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙাত দীৰ্ঘতম ৩২ কিলোমিটাৰ দীঘল উৰণীয়া সেতু পৰিকল্পনা কৰা হৈছে ৷ ইয়াৰ বাবে ইতিমধ্যে জৰিপ সহ কেতবোৰ কাম সম্পন্ন কৰা হৈছে ৷

মুখ্যমন্ত্ৰীয়ে তেওঁৰ ভাষণত সদৰি কৰে যে,ৰাজ্যৰ বিকাশৰ গতি তৰাম্বিত কৰি ইতিমধ্যে ৮৪২খন দলঙৰ নিৰ্মাণ কাম সম্পূৰ্ণ কৰা হৈছে ৷ কথাবোৰ সপোন যেন লাগিলেও ২০২৬ ৰ ভিতৰত সপোন পূৰণ কৰিম।

বিকাশৰ চকৰি দ্ৰতগতিত প্ৰগতিৰ দিশেৰে গতি কৰা বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয়, মহানগৰীৰ মাজমজিয়াৰ গুৱাহাটী ৰিৰ্জাভ বেংকৰ পৰা বামুণীমৈদাম পৰ্যন্ত দীঘলীয়া উৰণীয়া সেতু হ’ব। একেদৰে চানমাৰি উৰণীয়া সেতুৰ ওপৰত হ’ব ৰটাৰী ৷ ইয়াত অত্যাধুনিক প্ৰযুক্তিৰ সংযোজন ঘটিব।

গুৱাহাটী মহানগৰীৰ জল সংকট দূৰ কৰিবলৈ জল বৰ্ডৰ অধীনত ২০ হাজাৰ লোকক নতুনকৈ খোৱা পানীৰ সংযোগ কৰা হ’ব বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰি কয়,বাইহাটাৰ পৰা নাৰেংগী- কুৰুৱা- জাগীৰোড হৈ এটা ৰিং হ’ব আৰু এই ৰিঙৰ ওপৰত নিৰ্মাণ হ’ব মেট্ৰ’ ।

আমাৰ সপোন আকাশ চোৱাৰ লক্ষ্যৰে আগন্তুক ২০৩০ৰ ভিতৰত গুৱাহাটীক আটকধুনীয়া কৰি দক্ষিণ -পূব এছিয়াৰ দুৱাৰমুখ কৰি তুলিবলৈ আহোপুৰুষাৰ্থ চেষ্টা অব্যাহত ৰাখিম বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে ৷

Exit mobile version