Nagaon Sessions Judge:নগাঁৱত হত্যাৰে জড়িত অপৰাধীক দোষী সাব্যস্ত চেছন ন্যায়াধীশৰ

যাৱজ্জীৱন সশ্ৰম কাৰাদণ্ডৰ ৰায়দান আদালতৰ

nagaon court

Nagaon Sessions Judge:

নগাঁৱৰ ছেচন ও সত্ৰ ন্যায়ধীশ ৰক্তিম দুৱৰাৰ আদালতে বুধবাৰে গোচৰ নম্বৰ ৩৫০/২০১৩ মৰ্মে ভাৰতীয় দণ্ডবিধিৰ ৩০২ ধাৰাৰ অধীনত এক ৰায়দান প্ৰদান কৰে।
আদালতে আচামী ইজ্জত আলী নামৰ হত্যাকাৰী এজনক দোষী সাব্যস্ত কৰি যাৱজ্জীৱন সশ্ৰম কাৰাদণ্ড আৰু ১০ হেজাৰ টকাৰ জৰিমনা বিহে ৷ আনহাতে দহ হাজাৰ টকা অনাদায়ে অতিৰিক্ত সশ্ৰম কাৰাদণ্ড ঘোষণা কৰে আদালতে ৷

উল্লেখ্য যে, ২০১১ৰ ৬ অক্টোবৰত নগাঁও জিলাৰ ধিং আৰক্ষী থানাৰ অন্তৰ্গত লহকৰ গাঁৱৰ মনোৱাৰা বেগম নামৰ মহিলা এগৰাকীয়ে গাঁও খনৰ ইজ্জত আলী,ৰজৱ আলী, নুৰ ইছলাম আৰু হাবিজা খাতুনৰ বিৰুদ্ধে ধিং আৰক্ষী থানাত এক গোচৰ ৰজু কৰিছিল ।

থানাত দাখিল কৰা এজাহাৰত দুৰ্ভগীয়া মহিলা গৰাকীয়ে উল্লেখ কৰে যে,পাৰিবাৰিক কন্দলৰ অচিলা লৈ ইজ্জত আলীয়ে আন আন লোকৰ সহযোগত মনোৱাৰাৰ স্বামী খুৰচেদ আলীক চোকা অস্ত্ৰৰে প্ৰহাৰ কৰে ৷ ফলত গুৰুত্বৰভাৱে আহত স্বামীক চিকিৎসালয়লৈ নিয়া যদিও চিকিৎসাধীন অৱস্থাতে শেহ নিশ্বাস ত্যাগ কৰে ৷

আনহাতে মহিলা গৰাকীয়ে ধিং থানাত দিয়া এজাহাৰৰ মৰ্মে আৰক্ষীয়ে অতি তৎপৰতাৰে হত্যাকাণ্ডৰে জড়িত আটাইকেইগৰাকী অভিযুক্তকে আটক কৰি প্ৰেৰণ কৰে জেল হাজোতলৈ ৷ ইয়াৰ মাজতে গোচৰটোৰ তদন্তকাৰী বিষয়াই আদালতত দাখিল কৰে চাৰ্ছশ্বিট ৷

সুদীৰ্ঘ এঘাৰ বছৰৰ পাছত আদালতে সময়ে সময়ে শুনানি গ্ৰহণ কৰি আদালতত দুয়োপক্ষৰ উকীলৰ যুক্তিযক্ততা শুনি অৱশেষত আজি জিলা চেছন ন্যায়াধীশে প্ৰদান কৰে চুড়ান্ত ৰায়দান ৷

সেই অনুসৰি মুল অভিযুক্ত ইজ্জত আলীক জৰিমনা সহ যাৱজ্জীৱন কাৰাদণ্ড বিহাৰ বিপৰীতে আন অভিযুক্ত সকলৰ তথ্য প্ৰমাণৰ অভাৱত খালাচ দিয়া হয় ৷

Exit mobile version