Nilachal Flyover Road Accident:নীলাচল উৰণ সেতুত উদ্বোধনৰ পাছদিনাই দুৰ্ঘটনা

দ্ৰতবেগী ট্ৰাকে মহতিয়াই নিলে জি এম চিৰ কৰ্মৰত চাফাইকৰ্মীৰ বাহন,ট্ৰাক জব্দ

nilachal road accident

Nilachal Flyover Road Accident:

বহু প্ৰতিক্ষাৰ অন্তত বুধবাৰে মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰে মালিগাঁওস্থ নীলাচল উৰণ সেতু ৷ কিন্ত মুকলি কৰাৰ ২৪ ঘন্টা নৌহওঁতেই সেতুত সংঘটিত হয় এক দুৰ্ঘটনা।

বৃহস্পতিবাৰে পুৱাই এখন দ্ৰতগতিত অহা ট্ৰাকে সেতু খনৰ চাফাই কামত নিয়োজিত চাফাইকৰ্মীৰ বাহন মহতিয়াই নিয়ে ৷ দুৰ্ঘটনাটোত চাফাইকৰ্মীৰ বাহন খন দুৰ্ঘটনা পতিত হয় যদিও সৌভাগ্যক্ৰমে ৰক্ষা পৰে চাফাইকৰ্মীজন ৷ তেওঁ সামান্যভাৱে আঘাতপ্ৰাপ্ত হয়।

জালুকবাৰীৰ পৰা ভৰলুমুখ অভিমুখী এএছ০১-এইচ চি ২৩৫১ নম্বৰৰ ট্ৰাক খনে উৰণ সেতুখনৰ কামাখ্যা গেটৰ অংশত সংঘটিত কৰে দুৰ্ঘটনাটি ৷ দুৰ্ঘটনা সংঘটিত হোৱাৰ পাছতে ঘটনাস্থলীত জালুকবাৰী যানবাহন আৰক্ষী উপস্থিত হৈ ট্ৰাক খন জব্দ কৰে ৷

উল্লেখ্য যে,দুৰ্ঘটনাটোৰ বাবেই নীলাচল উৰণ সেতুত তীব্ৰ যানযঁটৰ সৃষ্টি হয়। বহু সময় ধৰি আবদ্ধ হৈ পৰে সৰু- বৰ যানবাহন ৷ অৱশ্যে পাছত জালুকবাৰী যানবাহন আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰতে যান -বাহনৰ চলাচল নিয়মীয়া হয় ৷

Exit mobile version