Raj Tilak Theatre :ঘগ্ৰাপাৰত ৰাজতিলক থিয়েটাৰৰ টিকট বিক্ৰীৰ শুভাৰম্ভণি

rajtilak theatre

Raj Tilak Theatre :

অসমৰ আগশাৰীৰ ভ্ৰাম্যমাণ থিয়েটাৰ ৰাজতিলকক অহা ১০,১১ আৰু ১২ অক্টোবত নলবাৰীৰ জিলাৰ চাউড ঘগ্ৰাপাৰ আইকনচৰ সৌজন‍্যত ঘগ্ৰাপাৰ হাইস্কুল খেল পথাৰলৈ নিমন্ত্ৰণ জনাইছে।এই উপলক্ষে আয়োজক সমিতিয়ে সোমবাৰে নিশা ঘগ্ৰাপাৰত ৰাজতিলক থিয়েটাৰৰ টিকট বিক্ৰীৰ শুভাৰম্ভণি কৰে।

থিয়েটাৰ পৰিচালনা সমিতি সভাপতি শৈলেন তালুকদাৰ আৰু সম্পাদক মনজিৎ কলিতাই আঁত ধৰা অনুষ্ঠানটিত টিকট বিক্ৰী অনুষ্ঠানটি মুকলি কৰে সাংবাদিক বিৰেন কলিতাই ।

অনুষ্ঠানটিত অধিৱক্তা প্ৰতুল কুমাৰ কলিতা, যুৱ ব‍্যৱসায়ী দ্বীপজ‍্যোতি কলিতা,চন্দন ডেকা, কমল ডেকাকে ধৰি থিয়েটাৰ সমিতিৰ সদস্যসমুহে অংশগ্ৰহণ কৰে।লগতে থিয়েটাৰ পৰিচালনা সমিতিয়ে বৃহত্তম ঘগ্ৰাপাৰ অঞ্চলটোৰ সকলো শ্ৰেণীৰ নাট‍্যপ্ৰেমী ৰাইজৰ উপস্থিতি তথা সহায় সহাযোগিতা শ্ৰদ্ধাৰে কামনা কৰিছে।

Exit mobile version