Aditya L1 Launch Successful:পুনৰ ইতিহাস ৰচি ভাৰতৰ আদিত্য এল-১ৰ অভিযান

সুকলমে সূৰ্যৰ কক্ষপথত উপস্থিত আদিত্য এল-১, ইছৰ'ৰ বিজ্ঞানীৰ মাজত আনন্দৰ লহৰ, সূৰ্য্য অভিযানৰ অংশীদাৰ দুজনকৈ অসমীয়া, যোৰহাটৰ বাহনা মহাবিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ অধ্যাপিকা ড: ঐশ্বন্যা শৰ্মা আৰু তেজপুৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰ জন্মেজয় সৰকাৰ

aditya l1 1

Aditya L1 Launch Successful:

পুনৰ ইতিহাস ৰচি আজি ভাৰতে চন্দ্ৰৰ পিছত সূৰ্য অভিযান সফলতাৰে সম্পন্ন কৰে ৷ শনিবাৰে দিনৰ ১১-৫০ বজাত সূর্য অভিমুখে আদিত্য L-1 নামৰ মহাকাশযানখনে যাত্ৰা আৰম্ভ কৰি সুকলমে সূৰ্যৰ কক্ষপথত উপস্থিত হয় ৷

উল্লেখ্য যে,চন্দ্ৰ অভিযানৰ পিছতে ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই যোৱা ২৮ আগষ্টত সূৰ্য অভিযান সম্পৰ্কে ঘোষণা কৰিছিল। ইছৰ’ৰ বাবে এয়া হ’ব প্ৰথম সূৰ্য অভিযান।

সেই অনুসৰি সকলো প্ৰস্তুতি সম্পূৰ্ণৰূপে সাজু হৈ উঠাৰ পাছত আদিত্য এল-১ নামৰ মহাকাশযানখনক দিনৰ ১১ বাজি ৫০ মিনিটত শ্ৰীহৰিকোটাৰ সতীশ ধাৱান মহাকাশ কেন্দ্ৰৰ পৰা সূৰ্য অভিমুখে মহাকাশযানখন উৎক্ষেপন কৰা হয়।

উৎক্ষেপনৰ সময়ত ইছৰ’ৰ কন্টলৰ’মত ইছৰ’ৰ অধ্যক্ষ এছ সোমনাথ আৰু কেন্দ্ৰীয় মহাকাশ দপ্তৰৰ মন্ত্ৰী জীনেন্দ্ৰ সিং উপস্থিত থাকে।

উল্লেখ্য যে, পৃথিৱীৰ পৰা সূয্যৰ দূৰত্ব ১৪ লাখ কিলোমিটাৰ ৷ এই দূৰত্ব সূৰ্য পৰ্য্যবেক্ষণকাৰী আদিত্য এল-১ অতিক্ৰম কৰিব ১২৫ দিনত ৷

মনকৰিবলগীয়া যে, সূৰ্য অভিযান সফলতাৰ বাবে দেশজুৰি পূজা-অৰ্চনা আগবঢ়োৱা হৈছে। বিভিন্ন মন্দিৰ,মছজিদ,গুৰুদ্বাৰ,গীৰ্জাত বিভিন্ন জনে উপস্থিত দৈ ধাৰ্মিক ৰীতি অনুসৰি সেৱা আগবঢ়াই ৷

স্মতৰ্ৱ্য যে,ইছৰ’ৰ সূৰ্য্য অভিযানত জড়িত হৈ আছে এগৰাকী অসম কন্যা । যোৰহাটৰ বাহনা মহাবিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ অধ্যাপিকা ড: ঐশ্বন্যা শৰ্মাক সূৰ্যৰ জটিল প্ৰক্ৰিয়া আৰু সূৰ্যৰ আলোক মণ্ডল আৰু বৰ্ণ মণ্ডলত স্থিত তৰংগৰ কম্পনাংকৰ বিষয়ে অধ্যয়ন কৰিবৰ বাবে ইছৰ’এ বিশেষভাবে নিয়োগ কৰে ৷ পদাৰ্থ বিজ্ঞানী ড:শৰ্মা ইছৰ’ৰ সূৰ্য্য অভিযানৰ প্ৰকল্পৰ স’তে জড়িত হৈ আছে ২০১৫ চনৰ পৰা ৷

একেদৰে এই অভিযানৰ অংশীদাৰ হৈছে আৰু এজন অসমীয়া যুৱ গৱেষক তেজপুৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰ জন্মেজয় সৰকাৰ ৷

Exit mobile version