Fake Sp Arrested In Marigaon:মৰিগাঁৱত ভুৱা ছীল-মোহৰ সহ দুজন ভুৱা এছ পি আটক

fake sp arrested

Fake Sp Arrested In Marigaon:

এশ গৰু মাৰিলে বাঘৰো মৰণ ৷ এই আপ্তবাশাৰী প্ৰযোজ্য হ’ল মৰিগাঁওৰ দুজন মহা প্ৰৱঞ্চকৰ ক্ষেত্ৰত। দীৰ্ঘদিন ধৰি ভুৱা ছীল-মোহৰ ব্যৱহাৰেৰে নিজকে এছ পি বুলি চিনাকি দি ধন ঘটি আহিছিল দুই যুৱকে ৷ অৱশ্যে আৰক্ষীৰ গোপন অভিযানত কৰায়ত্ত হয় দুই ধুৰন্ধৰ মহাপ্ৰৱঞ্চক

আৰক্ষীয়ে জব্দ কৰে ভুৱা ছীল-মোহৰ ৷ দুই প্ৰৱঞ্চকৰ নাম হ’ল দূৰাবান্ধি গাঁৱৰ ৰচিদুল ইছলাম আৰু উমৰ ফাৰুক ।

উল্লেখ্য যে,আৰক্ষীয়ে ৰচিদুল ইলেকট্রনিক ষ্ট’ৰ নামৰ ব্যৱসায়িক প্রতিষ্ঠানত অভিযান চলাই ভুৱা এছ পি কেইজনক আটক কৰাৰ লগতে এটা ছ’ৱাইপ মেছিন, লেপটপ, স্কেনাৰ, প্রিণ্টাৰ জব্দ কৰে ।

স্মতৰ্ৱ্য যে,উদ্থাপিত অভিযোগ অনুসৰি এই ব্যৱসায়িক প্ৰতিষ্ঠানৰ জব্দ কৰা ছীল মোহৰ সমূহ জিলা আয়ুক্ত আৰু এছ পি কাৰ্যালয়ত ব্যৱহ্ত ৷ ভুৱা ছীল মোহৰ ব্যৱহাৰ কৰি আৰক্ষীৰ নামত বিভিন্ন জাল প্ৰমাণ পত্ৰ বিক্ৰী কৰি আহিছিল দুই প্ৰৱঞ্চকে ৷

ইতিমধ্যে আৰক্ষীয়ে ধৃত প্ৰৱঞ্চক কেইটাক অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে।

Exit mobile version