Rhino Deadbody Recovered In Pabitara :পবিতৰা অভয়াৰণ্যত গড়ৰ মৃতদেহ উদ্ধাৰ

বানত ডুবি মৃত্যুমুখত পৰাৰ সন্দেহ

rhino dead

Rhino Deadbody Recovered In Pabitara :

পবিতৰা অভয়াৰণ্যত গড়ৰ মৃত্যু। মৰিগাঁও জিলাৰ একমাত্ৰ অভয়াৰণ্য খনৰ হাডুক বিলৰ দলঙৰ কাষত কত্তৰ্ব্যৰত বনৰক্ষীয়ে উদ্ধাৰ কৰে এজনী মাইকী গঁ‌ড়ৰ মৃতদেহ। অক্ষত অৱস্থাত আছে মৃত গড়ৰ খৰ্গটো

বানত ডুবি মৃত্যুমুখত পৰাৰ সন্দেহ পবিতৰা অভয়াৰণ্যৰ কৰ্তৃপক্ষৰ ৷ ইতিমধ্যে অভয়াৰণ্য খনৰ জ্যেষ্ঠ বন বিষয়া- বনকৰ্মীৰ দল এটাই মেচিন নাও লৈ মৃত গড়জনীক উদ্ধাৰ কৰি মৰনোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰিছে ৷

উল্লেখ্য যে, কিছদিন পূৰ্বে হোৱা ভয়ংকৰ বানত জলমগ্ন হৈছিল অভয়াৰণ্য খনৰ অধিকাংশ এলেকা ৷ ব্ৰহ্মপুত্ৰৰ বাঢনী পানীয়ে অভয়াৰণ্য খনৰ প্ৰায়বোৰ অঞ্চল বুৰাই পেলোৱাৰ ফলত গড়,পহু সহ বন্যপ্ৰাণীৰ অৱস্থা নাজলনাথল অৱস্থা হৈছিল ৷

আনকি অধিকাংশ বন শিৱিৰ পানীৰ তলত ৷ অৱশ্যে বৰ্তমান পানী কমি অভয়াৰণ্যলৈ ঘূৰি আহিছে স্বাভাৱিক অৱস্থা ৷

Exit mobile version