Rishi Sunak:নিজৰ হিন্দু পৰিচয়ৰ সন্দৰ্ভত মুখ খুলিলে বৃটেইনৰ ভাৰতীয় বংশোদ্ভূত প্রধানমন্ত্রী ঋষি ছুনাকে

RISHI SUNAK

Rishi Sunak:

এইবাৰ নিজৰ হিন্দু পৰিচয়ৰ সন্দৰ্ভত মুখ খুলিলে বৃটেইনৰ ভাৰতীয় বংশোদ্ভূত প্রধানমন্ত্রী ঋষি ছুনাকে। ব্ৰিটিছ প্রধানমন্ত্রীয়ে এক সাক্ষাৎকাৰত কয় যে হিন্দু হিচাপে ভাৰতৰ স’তে চিৰকাল তেওঁৰ সংযোগ থাকিব আৰু ইয়াৰ শিপা ভাৰততে লুকাই আছে।

সংবাদ সংস্থা পিটিআইৰ সাক্ষাৎকাৰত ছুনাকে কাল, মোৰ শিপাক লৈ মই অত্যন্ত গর্বিত। ভাৰতৰ স’তে আমাৰ যি যোগসূত্র আছে তাক লৈও আমি অত্যন্ত সুখী। মোৰ স্ত্ৰী হ’ল ভাৰতীয়। গর্বিত হিন্দু হোৱাৰ অৰ্থ হ’ল যে চিৰকাল ভাৰত আৰু ভাৰতৰ মানুহৰ স’তে আমাৰ যোগসূত্ৰ থাকিব।

আমি যেতিয়া প্রধানমন্ত্রী হ’লো, তেতিয়া ভাৰতীয়সকলে যি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল সেৱা আছিল অভাৱনীয়।’ ছুনাকে লগতে কয় যে ব্ৰিটিছ প্রধানমন্ত্ৰী হোৱাৰ পাছত তেওঁ ডাউনিং স্ট্রীটত দীপাৱলী পালন আৰম্ভ কৰিলে । ভাৰতৰ স’তে যোগসূত্ৰক লৈ যি ধৰণৰ অনুভূতি আছে, সেই একে অনুভূতি ব্ৰিটেইনবাসীৰ প্ৰতিও থকা বুলি ছুনাকে জানিবলৈ দিয়ে।

Exit mobile version