Powerful Earthquake Strikes In Morocco Kills At Least 632 People :ভয়ংকৰ ভূমিকম্পত তচনচ মৰক্কো

তাছপাতৰ দৰে খহি পৰে ওখ ওখ অট্টালিকা, সৰ্বত্ৰে এতিয়া কান্দোনৰ ৰোল , মৃত্যুৰ সংখ্যা ছয় শতাধিক অতিক্ৰম

morocco 2

Powerful Earthquake Strikes In Morocco Kills At Least 632 People :

শুকুৰবাৰে নিশা উত্তৰ আফ্ৰিকান দেশ মৰক্কোত সংঘটিত এক ভয়ংকৰ ভূমিকম্পত কমেও ৬৩২ জন লোক নিহত হোৱাৰ উপৰিও ৩২৯ জন লোক আহত হৈছে  বুলি দেশ খনৰ অভ্যন্তৰীণ মন্ত্ৰালয়ে জানিব দিয়ে ৷ আহতসকলৰ ভিতৰত ৫১ জনৰ অৱস্থা সংকটজনক

এই ভূমিকম্পত প্ৰথমাবস্থাত ২৯৬জন লোক নিহত হোৱাৰ খবৰ আহিছিল যদিও বৰ্তমান মৃতকৰ সংখ্যা বৃদ্ধি পায় ৬৩২জনলৈ ৷ উল্লেখ্য যে, ৬.৮ ৰিখটাৰ প্ৰাবল্যৰ আছিল এই ভূমিকম্প । মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ভূ-তাত্ত্বিক জৰীপ অনুসৰি এই ভূমিকম্প দক্ষিণ-পশ্চিম মাৰাকেশৰ ১৮.৫ কিলোমিটাৰ গভীৰতাৰ পৰা নিশা ১১:১১ বজাত উৎপন্ন হয় ৷

ৰাজধানী চহৰ ৰাবাটৰ পৰা মাৰাকেচলৈকে নিশা সংঘটিত ভূমিকম্পৰ পাছতে নাগৰিক সকলে ভয়ত ৰাস্তা আৰু উপ-পথত দৌৰি গৈছিল ৷ উল্লেখ্য ৰাবাট হৈছে দেশৰ আটাইতকৈ জনপ্ৰিয় পৰ্যটন স্থলী।

ভূমিকম্পৰ মুল কেন্দ্ৰস্থল মাৰাকেচ ওচৰৰ আসনি নামৰ পাহাৰীয়া গাওঁখনৰ বাসিন্দা মণ্টাচিৰ ইত্ৰিয়ে সংবাদ মাধ্যমৰ আগত সদৰি কৰে যে, আসনিত থকা বেছিভাগ ঘৰ বিধস্ত হৈ পৰিছে ৷

আমাৰ চুবুৰীয়াসকল ধ্বংসস্তূপৰ তলত আছে ৷ তেওঁলোক জীৱিত হৈ আছেনে সেয়াও সন্দেহ আছে ৷ যিসকল আমি জীয়াই আছো সকলো মিলিত হৈ উদ্ধাৰ অভিযানত নামি পৰিছো ৷ তেওঁলোকক উদ্ধাৰ কৰিবলৈ আমি কঠোৰ পৰিশ্ৰম কৰিবলগীয়া হৈছে।”

ইপিনে দেশ খনৰ মৰ্কানৰ নাগৰিকসকলে ভূমিকম্পৰ পিছত শ্বেয়াৰ কৰা ভিডিঅ’ বোৰত পৰিলক্ষিত হয় অট্টালিকাবোৰ ধ্বংসস্তূপ আৰু ধুলিলৈ পৰিণত হৈছিল। মাৰাকেচৰ ঐতিহাসিক পুৰণি চহৰ, ইউনেস্কোৰ বিশ্ব ঐতিহ্যক্ষেত্ৰৰ চাৰিওফালে থকা আইকনিক ৰঙা দেৱালৰ কিছু অংশো ক্ষতিগ্ৰস্ত হৈছিল।

আনহাতে ঠায়ে ঠায়ে বিস্তৰ ক্ষয়-ক্ষতি হোৱালৈ চাই মৃতকৰ সংখ্যা আৰু অধিক বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে।

বৰ্তমানেও উদ্ধাৰ অভিযান অব্যাহত থকাত নিহত তথা আহতৰ সংখ্যা ক্ৰমান্বয়ে বৃদ্ধি পোৱালৈ চাই সংখ্যা আৰু বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে ৷ অৱশ্যে দেশ খনৰ প্ৰশাসনে এই পৰ্যন্ত আনুষ্ঠানিকভাবে মৃতকৰ সংখ্যা আৰু আহতৰ সংখ্যা ঘোষণা প্ৰকাশ কৰা নাই ৷

Exit mobile version