Deadbody Recovered In Jalukbari:মহানগৰীৰ জালুকবাৰীত চাঞ্চল্য !

কাটিয়া দলঙৰ ৰে'ল লাইনৰ সমীপত উদ্ধাৰ মৃতদেহ, মৃত লোকজন লালচান্দ আলী বুলি চিনাক্ত

deadbody recovered

Deadbody Recovered In Jalukbari:

সোমবাৰে পুৱাই মহানগৰীৰ জালুকবাৰীত চাঞ্চল্য ৷ কাটিয়া দলঙৰ ৰে’ল লাইনৰ সমীপত উদ্ধাৰ হয় এজন পুৰুষৰ মৃতদেহ।

মৃত লোকজনৰ পকেটত থকা ভোটাৰ কাৰ্ডৰ তথ্য অনুসৰি লোকজন ধুবুৰীৰ লালচান্দ আলী বুলি চিনাক্ত কৰা হয়

। লালচান্দ আলী পেচাত ফেৰীৱালা আছিল ৷ কৰ্মসূত্রে জালুকবাৰীত বসবাস কৰিছিল লালচান্দ। মৃত্যুৰ সন্দৰ্ভত একো কাৰণ উদ্ধাৰ কৰিব পৰা নাই ৷ ইতিমধ্যে ঘটনাস্থলীত জি আৰ পি উপস্থিত হৈ তদন্ত আৰম্ভ কৰাৰ লগতে মৰনোত্তৰ পৰীক্ষাৰ মৃতদেহ প্ৰেৰণ কৰে জিএমচিএইছলৈ ৷

Exit mobile version