Agra- Jaipur NH Accident:আগ্রা-জয়পুৰ ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা

বাছ আৰু ট্ৰাকৰ সংঘৰ্ষত থিতাতে নিহত ১১জনৰ মৃত্যু,আহত ১২, প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ শোক প্রকাশ

rajasthan accident 1

Agra- Jaipur NH Accident:

আগ্রা-জয়পুৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে মৃত্যু হয় ১১ জনকৈ লোকৰ।

প্ৰাপ্ত খবৰ অনুসৰি,ৰাজস্থানৰ আগ্রা-জয়পুৰ ৰাষ্ট্ৰীয় ঘাইপথত বুধবাৰে পুৱাৰ ভাগত ৰৈ থকা এখন বাছত পিছফালৰ পৰা প্ৰচণ্ড খুন্দা মাৰে এখন ট্রাকে।

উল্লেখ্য যে, গুজৰাটৰ ভাৱনগৰৰ পৰা মথুৰা অভিমুখী যাত্ৰীবাহী বাছ খন কিছু সময়ৰ বাবে ৰখাই থোৱা হৈছিল পথৰ দাঁতিত।

সেই সময়তে দ্ৰতগতিত অহা এখন ট্রাকে প্ৰচণ্ড খুন্দা মাৰে বাছখনৰ পিছফালে ফলত থিতাতে কৰুণ মৃত্যুক সাবটি লয় এই বাছখনৰ ১১জন যাত্ৰীয়ে ৷ আনহাতে গুৰুত্বৰভাৱে আহত হয় ১২ জন লোক। আহত সকলক ততাতৈয়াকৈ ভৰতপুৰৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হয় ৷

আনহাতে, এই হৃদয়বিদাৰক ঘটনা সদৰি হোৱাৰ লগে লগে সমগ্ৰ ভৰতপুৰ অঞ্চল শোকাভিভূত হৈ পৰে ৷ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে টুইট কৰি ভৰতপুৰত সংঘটিত দুৰ্ঘটনাত প্ৰাণ হেৰুৱা লোক সকলৰ প্ৰতি গভীৰ সমবেদনা জনোৱাৰ লগতে প্ৰধানমন্ত্ৰীৰ জৰুৰীকালীন সাহায্য পুঁজিৰ পৰা নিহত পৰিয়ালৰ নিকট আত্মীয়লৈ দুই লাখ আৰু আহত সকলৰ বাবে ৫০,০০০ টকা দিয়াৰ ঘোষণা কৰে।

প্ৰধানমন্ত্ৰীয়ে এক শোকবাৰ্তাত উল্লেখ কৰে যে ,প্ৰাণ হেৰুওৱা ভক্তসকলৰ পৰিয়াললৈ মোৰ গভীৰ সমবেদনা জ্ঞাপন কৰিছো। মই আহতৰ সকলৰ দ্ৰুত আৰোগ্যৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছো।”

মনকৰিবলগীয়া যে, প্ৰধানমন্ত্ৰীৰ গৃহৰাজ্য গুজৰাটৰ পৰা মথুৰালৈ তীৰ্থ ভ্ৰমণৰ উদ্দেশ্য বাছ খন গৈছিল ৷

Exit mobile version