Assam Moment Veteran Leader Pranabjit Chaliha Passes Away: অসম আন্দোলনৰ অগ্ৰণী নেতা প্ৰণৱজিৎ চলিহাৰ দেহাৱসান

pranabjit chaliha

Assam Moment Veteran Leader Pranabjit Chaliha Passes Away:

অসম আন্দোলনৰ অগ্ৰণী নেতা,ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈ, বিশিষ্ট ক্ৰীড়া সংগঠক প্ৰণৱজিৎ চলিহা(ৰমু)ৰ আজি বিয়লি ২.৪০ বজাত অসম চিকিৎসা মহাবিদ্যালয়ত মৃত্যু হয়।

ভাষা আন্দোলনৰ পৰা আৰম্ভ কৰি অসম আন্দোলনলৈকে অনেক জাতীয় আন্দোলনত জপিয়াই পৰি ১২৭ বাৰকৈ জেললৈ গৈছিল প্ৰণৱজিৎ চলিহা ৷

বিগত কেইবাটাও দিন ধৰি প্ৰণৱজিৎ চলিহা অসুস্থ হৈ থকাৰ পাছত অতিসংকটজনক অৱস্থাত পৰিয়ালৰ লোকে ততাতৈয়াকৈ এক ছেপ্তেম্বৰত ডিব্ৰুগড়ৰ অসম মেডিকেল কলেজত ভৰ্তি কৰে৷ তাতে চিকিৎসাধীন অৱস্থাতে বুধবাৰে বিয়লি ২.৪০ বজাত শেষ নিশ্বাস ত্যাগ কৰে চলিহাই ৷

উল্লেখ্য যে,আপোচহীন সংগ্ৰামী নেতাগৰাকীয়ে শ্বাস প্ৰশ্বাসজনিত অসুবিধাৰ বাবে পৰিয়ালৰ লোকে যোৱা ২০ আগষ্টত শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ আই চি ইউত ভৰ্তি কৰোৱাইছিল যদিও উন্নত চিকিৎসাৰ বাবে অসম চিকিৎসামহাবিদ্যালয়লৈ নিয়া হৈছিল ৷

অসম আন্দোলনত শিৱসাগৰত সন্মুখৰ পৰা নেতৃত্ব দি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হোৱা চলিহাৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগে সমগ্ৰ অসমত শোকৰ ছাঁ পৰে ৷

ইতিমধ্যে চলিহাৰ নশ্বৰ দেহ ডিব্ৰুগড়ৰৰ পৰা শিৱসাগৰ ফুকন নগৰস্থ বাসগৃহলৈ অনা হয় ৷ বৃহস্পতিবাৰে শিৱসাগৰ দল-সংগঠন আৰু নেতা গৰাকীৰ গুনমুগ্ধৰ উপস্থিতিত শেষকৃত্য সম্পন্ন কৰা হ’ব বুলি জানিব পৰা গৈছে ৷

Exit mobile version